0 00 1 min 4 yrs 215

   বৰ্তমান ভ্ৰাম্যমানৰ জগতখনত বহুকেইজন সুদৰ্শন অভিনেতাৰ উত্থান হোৱা দেখা গৈছে।সেই অভিনেতাসকলৰ ভিতৰত সু অভিনয়েৰে ক্ৰমশঃ উজ্জ্বলি উঠা এজন অভিনেতা হৈছে যুগল কিশোৰ।লখিমপুৰ জিলাৰ লালুকৰ এইগৰাকী যুৱ অভিনেতাই সৰুৰে ভাওনা আৰু বিদ্যালয়ৰ নাটক অভিনয় কৰি সেই নিচাক যুৱ অৱস্থাত পেচালৈ পৰিৱৰ্তিত কৰাৰ সিদ্ধান্ত লয়।প্ৰথমাৱস্থাত কেমেৰাৰে মুখামুখি হোৱা অভিনেতা যুগল কিশোৰে ২০১১ আৰু ২০১২  বৰ্ষত অসমীয়া আৰু মিচিং ভাষাৰ কেইবাখনো ভিচিডিত অভিনয় কৰাৰ উপৰিও দূৰদৰ্শনৰ NE,ৰং আৰু ৰেঙনি চেনেলৰ বহুকেইখন চুটিছবি আৰু ধাৰাবাহিকত অভিনয় কৰে।কিন্তু যুগল কিশোৰৰ মঞ্চাভিনয়ৰ প্ৰতিহে বিশেষ দুৰ্বলতা আছিল।লখিমপুৰ লালুকৰ স্বৰ্গীয় মণিভদ্ৰ বৰাদেৱৰ সান্নিধ্য তথা হিমাংশু প্ৰসাদ দাসৰ পৰা অভিনয়ৰ শিক্ষা(কৰ্মশালা) লোৱা যুগল কিশোৰ ২০১৪বৰ্ষত চুক্তিবদ্ধ হয় উজনি অসমৰ অন্যতম ভ্ৰাম্যমান নাট্যদল শ্ৰীমন্ত থিয়েটাৰত।দুটাকৈ বৰ্ষ শ্ৰীমন্ত থিয়েটাৰৰ মঞ্চত অভিনয় কৰাৰ পিছত ২০১৭বৰ্ষত যুগল কিশোৰ চুক্তিবদ্ধ হয় নটসূৰ্য থিয়েটাৰৰ সৈতে।নটসূৰ্যৰ মঞ্চত এটা বছৰ অভিনয় কৰাৰ পিছত কিছু ব্যক্তিগত সমস্যা তথা চাকৰিৰ প্ৰস্তাৱ অহাৰ বাবে অভিনয় ত্যাগ কৰে।কিন্তু অভিনয়ৰ নিচা ইমানেই প্ৰবল আছিল যে যুগল কিশোৰে চাকৰি এৰি পুনৰ অভিনয়ৰ জগতখনলৈ ঘূৰি আহে।২০১৯-২০২০ বৰ্ষৰ বাবে যুগল পুনৰ চুক্তিবদ্ধ হয় নটসূৰ্য থিয়েটাৰৰ সৈতে।নটসূৰ্যৰ মঞ্চত যুগল কিশোৰে বিশিষ্ট নাট্যকাৰ কুশল শইকীয়াৰ “নৰখাদক” ;নাট্যকাৰ ক্ষিতীশ বৰাৰ “সপোন” আৰু “কয়দীৰ তেজ” -এই তিনিওখন নাটকতে মুখ্য চৰিত্ৰত অভিনয় কৰি নিজৰ অভিনয় দক্ষতাৰ পুনৰ প্ৰমাণ দিবলৈ সক্ষম হৈছে।২০২০-২১ নাট্যবৰ্ষৰ বাবে যুগল চুক্তিবদ্ধ হৈছে নয়নতৰা থিয়েটাৰৰ সৈতে।নয়নতৰা থিয়েটাৰৰ মঞ্চত বিশিষ্ট নাট্যকাৰ সমৰেন্দ্ৰ বৰ্মনৰ “গুৰুদেৱ” ;পংকজ চৌধুৰীৰ “ৰাখী বন্ধন” আৰু ৰঞ্জিত দাসৰ “কলংক”ত যুগল কিশোৰে মুখ্য চৰিত্ৰত অভিনয় কৰিব।চলিত বৰ্ষৰ দৰেই ২০২০-২১বৰ্ষতো সু অভিনয়েৰে যুগল কিশোৰ উজ্জ্বলি উঠক,তেওঁলৈ থাকিল অলেখ শুভকামনা।
  বিশ্বজিৎ ডি চেতিয়া
যোগাযোগঃ ৮৭৯০২৪৫৩৫৯

Leave a Reply

Your email address will not be published. Required fields are marked *