0 00 1 min 5 yrs 218
জানা তুমি
তোমাৰ হাঁহিত
মোৰ হৃদয়ত পোখা মেলিছিল অলেখ সপোনৰ,
এদিন নেদেখিলেই তোমাক
মোৰ মন কোঠালীত ওলমি ৰয় ;
এটি বন্ধ তলা ,
কাৰণ তুমি আছিলা তলাটিৰ ছাবিপাত ।
মই তোমাক পাবৰ বাবে
কৰি গৈছিলো সকলো ,
কিন্তু সফল নহ’লো একোতেই,
সেইবাবেই তোমাক হেৰুৱাৰ ভয়ত
ব্যক্ত কৰা নহ’ল মোৰ মনৰ কথা ,
তুমি এতিয়া আন এঘৰৰ লক্ষিমী ;
তোমাৰ সুখত মই সুখী ,
মোৰ অব্যক্ত প্ৰেম আজি মোৰ সোঁৱৰণী ।

Leave a Reply

Your email address will not be published. Required fields are marked *