ভালপোৱা নে অন্য কিবা
মৈ দিয়া পথাৰত
চৌফলীয়া ৰ’দত নকৈ বন্ধা আলিত বহি
উদং কলাফুলৰ চেলাপতিয়া জোক
উষ্ণু থু সানি এৰোৱাৰ
আছিল নেকি অজুহাত কেচাঁ ঘামৰ সুগন্ধি লোৱাৰ
সজাল ধৰা সেউজীয়া গোঁজত যেন
ভোগালী হৈছিল বুকুৰ পথাৰ
হেঁপাহত বুকুৰ সীমনাত ফুলিছিল সুগন্ধি খৰিকাজাঁই
কি আছিল সেই ভালপোৱাত
দূৰৈৰ ঐনিতমৰ সুৰত
ঝংকাৰিত মোৰ উদং বুকুত
অংকুৰিত হৈছিল সপোনৰ বীজ
আজিও দুৰ্বোধ্য হৈয়ে ৰ’ল
দীৰ্ঘ যাত্ৰাৰ সংগী হোৱাৰ প্ৰতিশ্ৰুতি দি
এৰি থৈ গ’লা কিয় ভৰা নৈৰ সিপাৰে
এতিয়া শিতানৰ গাৰুটিৰ সৈতে
কিমান ভগাই ল’ম
স্মৃতিৰ উমেৰে সিক্ত মোৰ হিয়াৰ বেথা ।।
…………………………………………
ঊষামণি শইকীয়া
জালুকবাৰী , গুৱাহাটী — ১৪