0 00 1 min 4 yrs 226

    শাৰীৰিক ভাবে এটি সুষ্ঠ সন্তান জন্ম দিব নোৱাৰাটোৱেই জানো এগৰাকী মাতৃৰ অপৰাধ । এটি সুষ্ঠ সন্তান জন্ম দিয়াৰ অন্তৰালত জানো অকল মাতৃয়েই দায়বদ্ধ । ইয়াত কি পুৰুষৰ ভাগ নাই নেকি ? কেতিয়াবা কেতিয়াবা বংশানুক্ৰমেও এনে হোৱা দেখা যায় যাৰ পৰিনতি অকল মাতৃ গৰাকীয়েহে ভুগিব লগা হয় কিয় ? পৃথিৱীত কিমান ব্যক্তিয়ে  নিজৰ অক্ষমতাক দূৰলৈ ঠেলি এটি সুষ্ঠ জীৱন যাপন কৰি আছে সেইবোৰ  ভাবি ভাবি কেতিয়া যে আকাশ শুই পৰিল গমেই নাপালে । 

            অনুপম আৰু অসীমাৰ একমাত্ৰ পুত্ৰ  আকাশ নীল ।  পাঁ‌চ বছৰ বয়সলৈকে দৌৰি ঢাপৰি থকা আকাশে দুই দিন হোৱা তীব্ৰ জ্বৰতে যে একেবাৰেই উঠিবই নোৱাৰা হ’ব ভাবিবই পৰা নাছিল । যাৰ ফলশ্ৰুতিত আজি  হুইল ছেয়াৰখন তাৰ সংগী হৈ পৰিল । প্ৰথম অৱস্থাত তাক সকলোৱেই পুতৌ দৃষ্টিৰেই চাইছিল । কিন্তু আজি কালি যেন সি সকলোৰে বাবে বোজা হৈ পৰিছে তেনে লাগে । তাৰ বাবেই অনুপম আৰু অসীমাৰ মাজতো প্ৰায়ে কাজিয়া হয় ।  কৰবালৈ যোৱাৰ ইচ্ছা থাকিলেও নীলা ওলাই যাব নোৱাৰিছিল । আকাশ অকলে থাকিব লাগিব আৰু তাক যদি কিবা লাগে কোনে দিব । কিন্তু অনুপমে আজিকালি এইবোৰ কথা নাভাবে পৃথিৱীলৈ আহিছে যেতিয়া যিখিনিলৈকে নিজে পাৰি কৰি ল’ব লাগে । সদায়েতো আমি তাৰ লগত নাথাকো ।  সকলোৰে বাবে ভগৱানে কিবা নহয় কিবা এটা ভাবি থৈছে সেয়েহে তাৰ বাবেও নিশ্চয় কিবা থৈছে যিটো আজি গম পোৱা নাই কিন্তু কালিলৈ জনাৱ । 
        
             এনেবোৰ কথা  শুনি শুনি কেতিয়াবা আকাশৰ আত্মহত্যা কৰিব মন যায় । কিন্তু মাকৰ মৰমে তাক দুৰ্বল কৰি পেলাই । সকলোৰে পৰা কথা শুনিয়ো মাকে কোনো দিন তাক অৱহেলা কৰা নাই  । প্ৰতিটো মুহূৰ্ততেই লগত থাকে ছাঁ‌ টোৰ দৰেই । সেয়েহে অন্তত মাকক সমাজৰ আগত তাৰ মাতৃ বুলি চিনাকি দিবলৈ প্ৰাণে প্ৰণে চেষ্টা কৰিছে । যি হীনমন্যতাত তাৰ মাক দেউতাকে ভুগী আছে তাৰ পৰা উলিয়াই অনাৰ দায়িত্ব এতিয়া তাৰ । ইতিমধ্যে গল্প , কবিতা নাটক , উপন্যাস  লিখি অসমীয়া সাহিত্যৰ জগতত খুপণি পুতিবলৈ সক্ষম হোৱা আকাশৰ এটাই  স্বপ্ন সি এজন সংগীতজ্ঞ হ’ব খোজে । ইউ টিউবত তাৰ লগৰীয়াই আপলোড কৰা গীতে যথেষ্ট সমাদৰ লাভ কৰিছে ।  দুদিন মান আগতে আকাশ নীলহঁ‌তৰ গাঁ‌ৱলৈ গুৱাহাটীৰ পৰা টি ভি চেনেলৰ এটা দল আহি তাৰ  সাক্ষাৎকাৰ লৈ গৈছে  আৰু কৈছে  D Y 365 ত অনুপম চক্ৰৱৰ্তীৰ  ” আকাশ চুবৰ মন ” অনুষ্ঠানত তাক গীত গাবলৈ সুবিধা কৰি দিব ।
     অসমৰ বিভিন্ন প্ৰান্তৰ  পৰা অহা গায়ক-গায়িকা  , নৃত্য শিল্পীৰে ভৰি থকা   “আকাশ চুবৰ মন ” অনুষ্ঠানটো সকলোৰে প্ৰিয় হৈ পৰিছে । লাহে লাহে   অডিছনৰে পৰা আৰম্ভ কৰি টপ চিক্সলৈ আহি পোৱা আকাশে  কোনো দিনেই থমকি ৰোৱা নাই । আজি তাৰ ফাইনেল ৰাওন্দ । আজিয়েই সেই দিন যিটো দিনৰ বাবে সি অধিক আগ্ৰহেৰে বাট চাই আছে । কিন্তু অন্য যি নহওক লাগে আজি আকাশৰ মনটো খুব ভাল লাগি আছে কাৰণ আজি দেউতাকে তাক লৈ গৌৰৱ কৰিছে  ” মোৰ ল’ৰাই গান গাই বুলি সকলোকে চিনাকী দিছে । ইয়ো তাৰ বাবেই এক সাফল্য । এদিন তাৰ অক্ষমতাক লৈ কটাক্ষ কৰা  দেউতাকে  আজি আহি দৰ্শকৰ আসনত বহি তাৰ অনুষ্ঠান উপভোগ কৰি উচুপি উঠিছিল । আজি সি দেউতাক পাই আকাশ চুইপোৱা যেন অনুভৱ হৈছে । ফলাফল কি হয় সেইয়া সময়ে ক’ব । দেউতাক বুজাইছে নাকান্দিবা দেউতা পুৰুষে কান্দিব নাপাই, পুৰুষে কন্দাটো দুৰ্বলতা আৰু কাপুৰুষালিৰ হে চিন মাত্ৰ। তাক আচৰিত কৰি দেউতাকেও কৈছে প্ৰকৃততে তেনে কথা নহয়। কান্দোন এক প্ৰাকৃতিক উপলব্ধি  ইয়াক উপেক্ষা কৰিলে মনুষ্যই মানসিক সুখ লভিব নোৱাৰে। সেই গতিকে আজি মই মোৰ  মনৰ সমস্ত বেথা বেদনাক উটুৱাই দিছো দুচকুৰ বানেৰে বোপাই । আকাশ নীলৰো দুচকুৰে নৈ বৈ গ’ল । এইয়া সুখৰ চকুলো আনন্দৰ চকুলো ।
            আজি আকাশ নীলৰ বাবে এটা শুভ দিন । আজি “আকাশ চুবৰ মন” অনুষ্ঠানত মেগা ফাইনেল আছে । আজি তাৰ মনটো খুব ভাল লাগি আছে ।  আজি তাৰ দেউতাক আহিছে সি প্ৰাণঢালি গীত গাইছে । সিহঁতক সুসৰ্জিত মঞ্চলৈ  আমন্ত্ৰণ কৰিছে ক্ষন্তেক পিছতেই ফলাফল ঘোষণা কৰিব । দেউতাকেই তাৰ হুইল চেয়াৰখন ঠেলি আনিলে মঞ্চলৈ আৰু তাৰ পিছফালে সগৌৰৱেৰে ঠিয় দিছেহি । তাৰ বুকুখন ধপ ধপ কৰি আছে , ভৰিৰ পৰা মুৰলৈ এক শিহৰণ জাগিছে , শংকাত মুখখন শুকাই গৈছে । কাণখন গুম গুমাব ধৰিছে । কি হ’ব বাৰু আজি ! সি বাৰু দেউতাক তাৰ নাম দিবলৈ সক্ষম হ’ব নে ! ! আজি যে দেউতাকে যি মৰম আৰু চুমা দিছে সেইয়া যদি ফলাফল শুনাৰ পাছত নিদিয়া হয়  , তেতিয়া সি কি কৰিব । মাকৰ কি হ’ব !! যিমান সংগ্ৰাম কৰি তাক মৰিগাঁ‌ৱৰ পৰা ইয়ালৈ আনিছে , সি কিবা এটা কৰিব পাৰিব বুলি ! যদি নোৱাৰে মাকে ঘৰত , গাঁ‌ৱত কেনেকৈ মুখ উলিয়াব । উস আৰু নোৱাৰি দেই । তাৰ মাথাটো ঘূৰাইছে । চকুকেইটাই জিলমিল কৰিছে । 
               হাতত ফলাফল লৈ এক গহীন ভংগিমাৰে অনুপম চক্ৰৱৰ্তী দাই কিবা কৈ আছে । কি বা কৈছে তাৰ কাণত একোৱেই নোসোমাল । মাত্ৰ দেউতাকৰ মুখখন হে ভাঁ‌হি আছে । পিছফালে ৰৈ বাৰু কি কৰিছে কেনে কৰিছে তাৰ খুব চাবলৈ মন গৈছে । কিন্তু এইয়া কি তাৰ গাৰ ওপৰত ওপৰৰ পৰা ফুল সৰিছে পিছফালৰ পৰা দেউতাকে গবামাৰি ধৰি চুমা খাইছে তাৰ মানে ….. অনুপম দাই ইমান সময়ে তাৰ কথাই কৈ আছিলে নেকি !!  তাৰ হাতত তুলি দিয়া পোন্ধৰলাখ টকাৰ চেক খন যেতিয়া এটা মুৰে দেউতাকে ধৰি তাক হেচুকি দিছে তেতিয়াহে তাৰ সন্মতি ঘূৰি আহিছে । এইয়াই তাৰ সপোন পুৰা হোৱাৰ মধুৰ ক্ষণ । আজিৰে পৰা অন্তত তাক কোনেও দিব্যাংগ বুলি কটাক্ষ কৰিব নোৱাৰিব ।

ঊষামণি শইকীয়া 
গুৱাহাটী — ১৪

Leave a Reply

Your email address will not be published. Required fields are marked *