0 00 1 min 3 yrs 192

এক হৃদয় বিদাৰক কৰুণ কাহিনী।এটা দৰিদ্ৰ পৰিয়ালথ কৰ্কট ৰোগত আক্ৰান্ত এটা শিশু।পখিলা খেদা বয়সতেই কৰ্কট ৰোগত আক্ৰান্ত হৈ নৰক যন্ত্ৰনাত ভূগিছে এটি ৫ বছৰীয়া কণমানি ।কণমানি জনৰ নাম হৰ্ষজিৎ ৰায়।অভয়াপুৰীৰ উত্তৰ শালমাৰাৰ ৩য় খণ্ডৰ টিলাপাৰাৰ বাসিন্দা ধৰ্মকান্ত ৰায়ৰ একমাত্ৰ ৫ বছৰীয়া পুত্ৰ হৰ্ষজিৎ ৰায় এতিয়া কৰ্কট ৰোগত আক্ৰান্ত। এবছৰৰ পৰা আক্ৰান্ত হৈ আছে কণমানি জন।গুৱাহাটী মেডিকেল কলেজ চিকিৎসালয়ত চিকিৎসা কৰা হৈছিল যদিও ধনৰ অভাৱত চিকিৎসা সম্পূৰ্ণ কৰিব পৰা নাই পিতৃ-মাতৃয়ে ।মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সহায় প্ৰাৰ্থনা দূৰ্ভগীয়া পিতৃ-মাতৃৰ।জৰাজীৰ্ণ বাসগৃহত কৰ্কট ৰোগত আক্ৰান্ত হোৱা শিশুটোক লৈ দূৰ্ভগীয়া জীৱন-যাপন নিৰ্বাহ কৰি আহিছে পৰিয়ালটোৱে।পৰিয়ালটো বঞ্চিত হৈ আছে চৰকাৰী আঁচনিৰ পৰাও।পৰিয়ালটোৰ বাসগৃহ তেনেই জৰাজীৰ্ণ ।কোনো সুহৃদয়বান লোকে যদি কৰ্কট ৰোগত আক্ৰান্ত হোৱা কণমানিটোক সহায় কৰিব বিচাৰে তেন্তে তলত উল্লেখ কৰা একাউন্ট নম্বৰত কিছু ধন আগবঢ়াই সহায় কৰিব পাৰিব ।Account number- 35232628986Ifsc – SBIN0008462Branch – State bank of India Abhayapuri .অভয়াপুৰীৰ পৰা হিমাংশু , এইচ টাইমছ ।

Leave a Reply

Your email address will not be published. Required fields are marked *