0 00 1 min 3 yrs 237

শোনিতপুৰ জিলাৰ গাভৰু শিক্ষা খণ্ডৰ অন্তৰ্গত এখন চৰকাৰী বিদ্যালয়

প্ৰায় দুই বছৰ ধৰি বন্ধ।
বিদ্যালয় খনৰ নাম নৱোদয় এল পি স্কুল ।
বিদ্যালয় খনৰ নামত দুজন শিক্ষক আছে। কিন্তু কৰ্ত্তব্য হে পালন নকৰে।
 বিদ্যালয় খনৰ প্ৰধান শিক্ষক কৰোনা দাস আছে এজন সহকাৰী শিক্ষকো আছে ।
২০০৪ চনত প্ৰতিষ্ঠা হোৱা বিদ্যালয় খন বছৰ বছৰ ধৰি কাগজে কলমে চলাই থকাৰ অভিযোগ উঠিছে।
প্ৰায় দুই বছৰ ধৰি নাহে বিদ্যালয়ত প্ৰধান শিক্ষক নাহে সহকাৰী শিক্ষক ছাত্ৰ ছাত্ৰীৰ নাই ইউনিফৰ্ম নাই বিদ্যালয়ত আহৰৰ গ্ৰহনৰ ব্যৱস্হা নাই এখনো ডেক্চ -বেন্চ নাই কোন বৰ্ড ।
বিদ্যালয় খনৰ আন্ত গাথনি উন্নয়ৰ নামত অহা লাখ লাখ টকা আত্মহাত কৰাৰ অভিযোগ।
সকলো হজম কৰিলে প্ৰধান শিক্ষক কৰোনা দাস আৰু পৰিচালনা কমিটিৰ সভাপতি হাছমত আলীয়েে।
গাভুৰু শিক্ষা খণ্ডৰ শিশুআটি ক্লাচটাৰৰ CRC বিপুল দত্তৰ সহযোগত প্ৰধান শিক্ষকে চলাইছে ভয়ঙ্কৰ দুৰ্নীতি ।
যি সময়ত ৰাজ্য চৰকাৰে শিক্ষা বিভাগৰ ব্যপক উন্নতিৰ কথা ৰাইজৰ আগত ঢাক-ঢোল বজাই প্ৰচাৰ কৰি আহিছে ঠিক সময়তে এখন চৰকাৰী বিদ্যালয়ে উদঙাই দিছে শিক্ষা ভিবাগৰ প্ৰকৃত ছবি।
প্ৰধান শিক্ষকে দীৰ্ঘদিনৰ ধৰি এশ একুৰি অনিয়মেৰে নিজৰ মইমতালিত চলাইছে বিদ্যালয়খন।
যি খন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ মাজত নাই সাধাৰণ অংকৰ জ্ঞান ,লিখিব নোৱাৰে নিজৰ নাম, নাজানে বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ নাম।
মুঠৰ ওপৰত প্ৰধান শিক্ষকৰ চৰম মইমাতালি আৰু বিদ‍্যালয় পৰিচালনা কমিটিৰ দায়িত্ব জ্ঞানহীনতাৰ বাবেই এক অনিশ্চিত ভৱিষ্যত অন্ধকাৰৰ ফালে গতি কৰিছে বিদ্যালয় ছাত্ৰ ছাত্ৰী সকল।
এতিয়া বিদ্যালয়ৰ খনৰ ওপৰত চৰকাৰ অথবা শিক্ষা বিভাগৰ উচ্চপদস্থ বিষয়া সকলে কি ব্যৱস্থা গ্ৰহন কৰে সেয়া সময়ত হে হব লক্ষনীয়।
ৰেজাউল

Leave a Reply

Your email address will not be published. Required fields are marked *