0 00 1 min 3 yrs 224

  এগৰাকী ১৩ বছৰীয়া দুৰ্ভগীয়া কিশোৰী।পখিলা খেদি ফুৰা বয়সতে কিশোৰী গৰাকীয়ে ভুগি আছে এক দুৰাৰোগ্য ৰোগত । বাক্সা জিলাৰ বৰমা সমীপাৱৰ্তী নিজ জুলুকীৰ বাপন দাস আৰু লতিকা দাসৰ একমাত্ৰ কন্যা দিক্ষিতা শৰণীয়াই আজি দীৰ্ঘদিনৰে পৰা ভুগি আছে এক জটিল ৰোগত। নিজ জুলুকীৰ সুৰেন্দ্ৰ নাথ দাস হাই স্কুলত অধ্যনৰত নৱম শ্ৰেনীৰ ছাত্ৰী গৰাকীৰ এটা কিডনী সম্পুৰ্ণৰূপে বিকল হোৱাৰ উপৰিও আনটো কিডনীও আক্ৰান্ত হৈছে জটিল ৰোগত । সম্প্ৰতি দুৰ্ভগীয়া কিশোৰী গৰাকী গুৱাহাটীস্হিত জিএনআৰচিত চিকিৎসাধীন হৈ আছে যদিও উন্নত চিকিৎসাৰ বাবে চেন্নাইৰ এপল’ হস্পিতাললৈ স্হানান্তৰ কৰাৰ পৰামৰ্শ দিয়ে । যাৰ বাবে প্ৰয়োজন হৈছে বৃহৎ অৰ্থৰ ।অৰ্থৰ অভাৱত এতিয়া চকুৰ পানীৰে বাট নেদেখা হৈছে দুৰ্ভগীয়া দুখীয়া পৰিয়ালটো। 

ৰিক্সা চলাই জীৱন নিৰ্বাহ কৰা পৰিয়ালটোৱে এতিয়া মানৱদৰদী লোকৰ ওচৰত আৰ্থিক সাহায্য বিচাৰি কৰযোৰে প্ৰাৰ্থনা জনাইছে ৷ কোনো সদাশয় লোকে আৰ্থিক সাহায্য দিব বিচাৰিলে মাতৃ লতিকা দাসৰ নামত থকা বেংক অফ ইণ্ডিয়াৰ একাউন্ট নম্বৰত সহায্য আগবঢ়াব পাৰে। Account Number-506010110000465
IFSC-BKID0005060 ৷ আপোনাৰ অকণমান সহায়ে হয়তো দুৰ্ভগীয়া কিশোৰী গৰাকীৰ বা পৰিয়ালটোৰ মুখলৈ হাহিঁ বিৰিঙাব পাৰে।
বাইট—পৰিয়াল
 মুকালমুৱাৰ পৰা সমৰজিৎ পাঠক

Leave a Reply

Your email address will not be published. Required fields are marked *