✍ নাং কুমকুম চাংমাই ।
লিখিলে তোমালৈ
লিখি থাকিব পাৰো
অন্তহীনভাৱে বৰ্ণ মাথো ৷
মৰমৰ বৰ্ণবোৰ উৎকৃষ্ট শিল্পৰ দৰে তোমাক বৰ্ণনা কৰিব পাৰো
লিওনাৰ্দো দ্য ভিন্সিৰ
‘মনালিছা’ৰ দৰে ৷
তোমাৰ সুকুমল দেহত পিন্ধাই দিব পাৰো
মৰম বৰ্ণৰ পবিত্ৰ বসন
বৰ্ণেৰে গঁঠা এধাৰি মালা পিন্ধাই দিব পাৰো তোমাৰ আলফুলীয়া ডিঙিত
তেনেদৰেই বৰ্ণেৰে এযোৰ কাণফুলি
তোমাৰ কাণত
আৰু বৰ্ণৰ এটা আঙঠি
তোমাৰ অনামিকা আঙুলিত ৷
ভৰিত ৰুণজুণকৈ বাজি উঠিব
বৰ্ণৰে গঢ়া নুপূৰৰ ধ্বনি ৷
তুমি অনন্যা হৈ উঠিবা
মৰম বৰ্ণৰ মায়াময় উৎসৱত তুমি হৈ পৰিবা পূৰ্ণিমাৰ স্নিগ্ধ জোনাক
এনেদৰে তুমি মুখৰিত হৈ
উঠিবা জোনাকৰ মেলাত
বৰ্ণই তোমাৰ গালে-মুখে পৰশ দি যাব
কাণত গুণগুণাই শুনাব এটি
মিঠা প্ৰেমৰ কবিতা
ফৰিং ফুটা জোনাকত
এপলক মাথো দেখা যাব তোমাক
তুমি বৰ দুষ্পাপ্য হৈ উঠিবা
তোমাক মাথো এবাৰ চাবৰ বাবে
কেনেদৰে যে মই উদ্বাউল হৈ উঠিম
মই আলফুলকৈ আঁতৰাই আনিম
বৰ্ণৰ মুকুতাবোৰ তোমাৰ শৰীৰৰ পৰা
তুমি মুকলি হৈ পৰিবা
আকাশৰ দৰে, পূৰ্ণিমাৰ জোনাকৰ দৰে
সেই জোনাকৰ বুকুতেই মই
ভালপোৱা বিচাৰি ফুৰিম
একেদৰে তুমিও ৷৷