0 00 4 yrs 240

  সামৰণি পৰিব নেকি এটা যুগৰ
       অন্তিম দিন হব নেকি অজস্ৰ জনৰ,
  গতি কৰিছে নেকি এটি নতুন যুগৰ দিশে
       মৃত্যু কেৱল মৃত্যু দেখিছোঁ চাৰিওকাষে।
   অশ্ৰু নিগৰিছে কেৱল কান্দোনৰ ৰোল
        সামৰণি পৰিব নেকি পৃথিৱীৰ ভূগোল,
   সকলোতে নিমাত নিস্তব্ধ কেৱল মৌনতা
        সকলো গৃহবন্দী দেখা নাই কোনো জনতা।
   সামৰণি পৰিব নেকি এটা যুগৰ
        সামৰণি পৰিব নেকি এটা যুগৰ,
   আশা বোৰ আশা হৈ ৰব নেকি
         সপোন বাস্তৱ নহব নেকি মনৰ।
    দিয়া সঁহাৰি দিয়া ভগৱান আহা
          নামি আহা তোমাৰ শক্তি দিয়া,
    আমাক ৰক্ষা কৰা ভগবান ৰক্ষা কৰা
           আমাৰ ৰক্ষা কৰা,ৰক্ষা কৰা।
         
                    ✍️ ভাৰ্গব জ্যোতি দাস

Leave a Reply

Your email address will not be published. Required fields are marked *