0 00 1 min 3 yrs 236

আজি National Girl Child day অৰ্থাৎ ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস । “ছোৱালী লৰাতকৈ তলত ,” “ছোৱালী মানুহ সমাজ তথা পৰিয়ালৰ বোজা ,” “ছোৱালীক পঢ়ুৱাই লাভ নাই , গাভৰু হ’লেই বিয়া দিব লাগে ” আদি বিভিন্ন ধৰণৰ ঋণাত্মক চিন্তা ধাৰাবোৰ দূৰ কৰাৰ উদ্দেশ্যেৰেই দিৱস পালন কৰা হৈছে । ছোৱালী ল’ৰাতকৈ কোনো গুণে কম নহয় ।

      উল্লেখযোগ্য যে আজিয়েই সৃষ্টি গোস্বামী নামৰ ছোৱালী জনী এদিনৰ বাবে উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী হ’ল । 
হৰিদ্বাৰৰ ১৯ বছৰীয়া সৃষ্টিয়ে এজন মুখ্যমন্ত্ৰীয়ে কৰিবলগীয়া সকলো কামেই কৰিব । সক্ৰিয়-নিস্ক্ৰিয় সকলো আঁচনিৰ ওপৰত চকু ফুৰাব সৃষ্টিয়ে । 
উল্লেখযোগ্য যে সৃষ্টিৰ দেউতাকৰ এখন সৰু দোকান  আছে আৰু মাক এগৰাকী অংগনৱাদী কৰ্মী ।
নিলাক্ষী গগৈৰ ৰিপৰ্ট

Leave a Reply

Your email address will not be published. Required fields are marked *