ফৰিংফুটা জোনাক
শেৱালি জোপাই
জকমকাইছিল
তুমি অহাৰ বতৰা পাই।
সিদিনাই তুমি আহিছিলা
যিদিনা কঁহুৱা বনে
হালি জালি নাচিছিল
শুকুলা মেঘে বেলিৰ স’তে
লুকা ভাকু খেলিছিল।
দুৱৰি বনত মুকুতা হৈ
নিয়ৰৰ টোপাল সৰিছিল
পথাৰখনো তেতিয়া
শস্য শ্যামলিৰে গৰ্ভৱতী হৈছিল।
আবেলিৰ নীলা আকাশ খনত
পখীবোৰে গীত গাই নাচিছিল
তুমি অহাৰ বাবেই
শেৱালি ফুলিছিল।
এম ৰইফুল হক
বদনি আখিয়া, মুকালমুৱা।