উশাহত লৰি থকা মোৰ
বুকুখনত তোমাৰ নামৰ স্বৰলিপি
সেউজীয়া বৰ আঁহতৰ তল
তোমাৰ ইতিহাসৰ
জীৱন্ত সাক্ষী।
বিদ্ৰোহৰ ইতিহাসৰে
তুমি দুৰন্ত ভাস্কৰ্য।
মানুহে মানুহক
মানুহ কৰাৰ বাবে
তুমিয়েটো হোৱা
উদাৰতাৰ প্ৰতিমূৰ্তি।
আস ফুলগুৰি
তোমাৰ নাম শুনিলেই
মোৰ তেজবোৰেও
প্ৰবাহিত হৈ হব খোজে
বাৰিষাৰ কলং।
তোমাৰ অস্তিত্বক সাৱটি লৈ
কলং বৈ আছে নিৰবিধি।
তোমাৰ শিপাই খামুচি আছে
মোৰ বুকু, মন আৰু আত্মা
তোমাৰ শিপাত খামুচি আছে
তোমাৰ প্ৰতিশ্বিত গৰিমা।
মানুহবোৰক বিপন্নতাত জাহ যাব নিদিয়া
তুমি কি যে অদ্ভুত সঞ্জীৱনী।
বিবৰ্তনেও কাঢ়িব নোৱাৰে তোমাৰ নাম।
কৌটি কালৰ তুমি যেন
এক নৈষ্ঠিক ঋষি।
ফুলগুৰি, তোমাৰ বাবেইটো
জীৱন, যৌৱন এই আত্মাভিমান।
তোমাৰ গোন্ধে মতলীয়া কৰা
প্ৰতিটো দিন জ্যোতিষ্মান।
তোমাৰ গোন্ধ, ৰং-ৰূপ আৰু
ৰসত তিতা ফুলগুৰিৰ গাভৰু মই।
মাটিৰ মূল্যৰে জীৱন জোখাৰ সময়ত
তোমাৰ নামত বিচাৰি পাওঁ জীৱনবোধ
তথা নান্দনিক চেতনাৰ উপলব্ধি।
হৃদয়ত এজোলোকা উৰুলিৰ দৰে
বাজি আছে তোমাৰ নাম
ফুলগুৰি ফুলগুৰি।
মিনাক্ষী বৰদলৈ