0 00 4 yrs 206
 ওৰাঙৰ চমুৱা গাঁৱত বিধায়ক পুঁজিৰ পথ উন্নয়ন আচনিৰ পথ মেৰামতিৰ নামত ব্যাপক অনিয়ম সমঘটিত হৈছে। ৰথৰ ওপৰত পেলালে প্ৰকাণ্ড প্ৰকাণ্ড বল্ডাৰ। পথত গাঁৱৰ নাম সলনি কৰি ফলক আৰিলে ঠিকাদাৰে। ওৰাং ভিচিডিচি ৰ অধীনৰ চমুৱাগাওৰ পথ নিৰ্মাণৰ নামত ঠিকাদাৰে বিধায়ক উন্নয়ন পুজিৰ পৰা পথ উন্নত কৰন আচনিৰ ডেৰ লাখ টকাৰ কাম অনুমোদন কৰাই আনিছিল। কিন্তু ঠিকাদাৰে পথৰ ওপৰত পাচঁ ট্ৰেক্টৰ বালি চটিয়াই পেলোৱাৰ লগতে দুই ট্ৰেক্টৰ বল্ডাৰ সদৃশ পাথৰ পেলাই দায়িত্ব সামৰাৰ অভিযোগ ৰাইজৰ। পথচোৱাত বল্ডাৰ পেলোৱাৰ বাবে যাতায়তৰ বাবে জ্বলা কলা খাব লগীয়া হৈছে গাঁওবাসীয়ে । ওৰাঙৰ বড়ো সাহিত্য ভৱনৰ পৰা প্ৰায় এশ মিটাৰ দৰ্ঘ্যৰ পথ ছোৱাত কিছু অংশ এৰি পুনৰ কিছু অংশত বালিৰ লগত বল্ডাৰ সদৃশ পাথৰ চটিয়াই পেলোৱাত যাতায়তৰ ক্ষেত্ৰত বিপদজনক হৈ পৰিছে পথছোৱা৷ পথছোৱাত নাই কোনো পানী যাতায়াতৰ ব্যৱস্থাৰ লগতে কালভাৰ্ট৷ ঠিকাদাৰে  পথ উন্নতি কৰণৰ যি খন ফলক আৰি ৰাখিছে ফলক খনত চমুৱাগাৱৰ সলনি বিহাৰী বস্তী বুলি গাৱৰ নামাকৰণ কৰাত খুদ্ধ হৈছে গাওঁখনৰ ৰাইজ৷ ইফালে পথটোৰ কাম নিম্ন মানৰ হোৱাৰ অভিযোগ তোলাৰ বাবে পথটোৰ উন্নত কৰাৰ দায়িত্ব লাভ কৰা মহিলা সকলে গাওঁবাসীৰ লগত  খণ্ড যুদ্ধত লিপ্ত হয়। অতি নিম্ন মানৰ পথ মেৰামতি কৰাৰ লগতে গাঁওৰ নাম সলনি কৰা  ঠিকাদাৰৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহন কৰে মাজবাট সমষ্টিৰ বিধায়ক চৰণ বড়োৱে৷ সেই লৈ সন্দেহ প্ৰকাশ কৰিছে গাও খনৰ ৰাইজে।
®  মাজবাটৰ পৰা কুশল ভড়ালীৰ প্ৰতিবেদন

Leave a Reply

Your email address will not be published. Required fields are marked *