0 00 1 min 4 yrs 218
বিভিন্ন জাতি জনগোষ্ঠীৰ সংগমস্থল অসমভূমিৰ অন্যতম জনগোষ্ঠী হ’ল মিচিংসকল।ঐশ্বৰ্যময় পৰম্পৰা ,মহৎ ঐতিহ্য আৰু বৈচিত্ৰময় তথা চহকী সংস্কৃতিৰ অধিকাৰী মিচিংসকলৰ জাতীয় উৎসৱ আলি আ:য়ে লৃগাং।অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈ বিয়পি থকা মিচিংসকলৰ প্ৰধান আৰু নিজস্ব পৰম্পৰাৰে জনগোষ্ঠীয় সাংস্কৃতিক  চোতাল বাৰেৰহণীয়া ৰহণেৰে ভৰপূৰ কৰা আলি আ:য়ে  লৃগাং  প্ৰাধনত: কৃষিভিত্তিক উৎসৱ। আধ্যাত্মিক ক্ৰিয়া কৰ্ম ,ৰং ধেমালি , জাতীয় সাজ-পোছাক, জাতীয় সুস্বাদু খাদ্য,পুৰাং পিঠা,আপং আদি পয়োভৰে চন্দ্ৰ সূৰ্য,বৰুণ দেৱতাক পূজা অৰ্চনা কৰে কৃষি শস্যৰ বৃদ্ধিৰ বাবে।আলি আ:য়ে লৃগাং ফাগুন মাহৰ প্ৰথম বুধবাৰে পালন কৰে। বুধবাৰ মিছিং সম্প্ৰদায়ৰ লক্ষ্মী বাৰ।আলি আ:য়ে লৃগাং উৎসৱৰ সময়ত নচা গুমৰাগ নৃত্যই ধৰিত্ৰী দেৱীৰ প্ৰজনন ক্ষমতা বঢ়ায় আৰু শস্যৰ বীজৰ অংকুৰণ ঘটাই বুলি মিচিংসকলে বিশ্বাস কৰে। গুমৰাগ নৃত্য নকৰিলে ধানৰ থোকবোৰ লেৰেলি যায়। সেইবাবেই এই নৃত্যত ডেকা-গাভৰু ,বুঢ়া-বুঢ়ি সকলোৱে নৃত্য কৰে। লৃগাং উৎসৱত কিছুমান নীতি নিয়ম মানি চলে।উৎসৱৰ আৰম্ভণিৰে পৰা ন-জোন নোলোৱা পৰ্যন্ত বাঁহ-বেত,ইকৰা-খাগৰি আদি গছ কটা,মাটি খন্দা,পথাৰত জুই জ্বলোৱা আদি কাম নকৰে। ইয়াৰোপৰি ভজা-পোৰা কৰা, টেঙা-তিতা,জ্বলা-কেঁহা জাতীয় ফলমূল গ্ৰহণ নকৰে।এই নিয়ম নীতি মানি নচলিলে কৃষি শস্যৰ বৃদ্ধিত গেনা লাগে বুলি বিশ্বাস কৰা হয়।আলি আ:য়ে লৃগাং উৎসৱ পাঁচদিনকৈ পালন কৰা হয় যদিও বৰ্তমান এদিন পৰা দুদিনৰ সামৰে। ডেকা গাভৰুৱে ঘৰে ঘৰে ঢোল পেঁপা,বৰকাঁহ ,তাল আদি বজাই মন প্ৰাণ সঁপি আনন্দ উৎসৱ কৰে। অৱশ্যে আজিকালি ঘৰে ঘৰে গুমৰাগ নৃত্য কৰা দেখা নাযায়। ইয়াৰ বিপৰীতে মুকলি ঠাইত সমূহীয়াকৈ এই উৎসৱ উদযাপন কৰে।আলি আ:য়ে লৃগাং মানে গুটি সিঁচা  উৎসৱ।পৰম পুৰুষ
কাৰ্চিং-কাতেং(শস্য দেৱতা),দ:ঞি-প:ল(সূৰ্য-চন্দ্ৰ দেৱতা)আদিক  আৰাধনা কৰে যাতে শস্য শ্যামলা হৈ ভৰি পৰক,চহা ৰাইজে সুখে সন্তোষে বাস কৰক এই বুলি। প্ৰকৃতাৰ্থত মিছিং সমাজৰ প্ৰধান বিহু আৰু স্বকীয় পৰিচয়ৰে জীয়াই থকাৰ মূল জাতীয় উৎসৱ আলি আ:য়ে লৃগাং হে। অসমীয়া বিহুৰ লগত ওতঃপ্ৰোত ভাবে জড়িত হৈ পৰাৰ বাবে লগতে আধুনিকতাৰ চাকনৈয়াত পৰি নিজৰ কৃষ্টি সংস্কৃতি হেৰুৱাৰ উপক্ৰম ঘটিছে। হ’লেও সচেতন মহলে এই পৰম্পৰা আব্যাহত ৰখাৰ প্ৰয়াস কৰিছে।অসমৰ বিভিন্ন জনগোষ্ঠীৰ লোকসকলে নিজস্ব কৃষ্টি সংস্কৃতিৰ মাজেৰে নিজৰ জাতীয় জীৱনৰ পৰিচয় দি আহিছে। এইক্ষেত্ৰত মিছিংসকলো অন্যতম।আলি আ:য়ে লৃগাংত পূৰ্বপুৰুষ স্মৰণ কৰাৰ লগতে বয়োজেষ্ঠসকলক সন্মান জনোৱা হয়। জাতীয় সাজ পোছাক পিন্ধে।পুৰুষে মিবু গালুক,গৰ ঊগণ(Gonro Ugon),দুমেৰ(Dume’r)মাফলা একেদৰে মহিলা সকলে য়াকান এগে(yakane’ ege),গেৰৌ,ৰিবি্ গাচেৰ,আদি পৰিধান কৰিব লাগে।আলি আ:য়ে লৃগাং এক মাংগলিক উৎসৱ। বিহু দেৱতাক দিনটো নাচি-বাগি সন্তুষ্ট কৰি নিশা সম্পূৰ্ণ বিদায় দিয়া হয়। বিহু বেদীত এটা শিমলু পুলি ৰুই , এগছি বন্তি জ্বলাই বিহুক বিদায় দি ঘূৰি আহোঁতে মিছিং ডেকা গাভৰুৱে পিছলৈ ঘূৰি নাচায়। আনন্দ মুখৰিত,
ৰং-ৰহইচৰ লগত খাপ খোৱা সুন্দৰ দৃষ্টিনন্দন পৰিৱেশৰ সৈতে ৰঙচুৱা পলাশ মদাৰৰ ভমকাফুলীয়া ৰি্বি্ গাচেৰ মিবু গালুক, গৰঊগণ  পৰিধান আৰু ৰীতি-নীতিৰ শালিনতাৰে মিছিং সকলৰ আলি আ:য়ে লৃগাঙে নি:সন্দেহে এক উচ্চ পৰ্যায়ৰ লোক-কৃষ্টিৰ নিদৰ্শন দাঙি ধৰিছে।অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰক মিচিংসকলৰ বৌদ্ধিক মহলৰ লগতে বিভিন্ন দল সংগঠনৰ সচেতন মহলে আলি আ:য়ে লৃগাংক জাতীয় উৎসৱ হিচাপে স্বীকৃতি দিয়াৰ লগতে চৰকাৰী বন্ধ দিন হিচাপে ঘোষণা কৰিবলৈ অনুৰোধ জনাই আহিছে যদিও আজিও গুৰুত্ব নিয়াত অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলে অসন্তুষ্টি প্ৰকাশ কৰিছে।এই ক্ষেত্ৰত আমিও আলি আ:য়ে লৃগাংক চৰকাৰী বন্ধ দিন হিচাপে ঘোষণা কৰিবলৈ অনুৰোধ জনালোঁ। লৃগাংৰ মিঠা ঐনিতম ৰাগিত হৃদয়ৰ কোঠালীবোৰ জীপাল কৰিবলৈ আহিবচোন এবাৰ নৈপৰীয়া চোতাললৈ,ৰাগি লগা আপঙৰ সোৱাদত আপোন পাহৰা হৈ মিছিং কনেঙৰ লগত এপাক পাৰিলে  নাচিবহিচোন।সুৰীয়া বাঁহীৰ সুৰুত জীৱন ৰঙাই ল’ব পাৰিব।আহিব লৃগাঙৰ দুপৰীয়া।আমি আদৰিম সমন্বয়ৰ মাজেৰে, বন্ধুত্বৰে,গুমাৰাগ নৃত্যৰ লহৰে লহৰে যৌৱনৰ প্ৰাণোচ্ছল লয়লাস ভংগীমাৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *