0 00 1 min 4 yrs 221

শিক্ষাই আমাক আচৰণৰ পৰিৱৰ্তনৰ কথা কয়। সংস্কৃতিয়ে আমাক সংস্কাৰ আৰু সম্প্ৰীতিৰ এনাজৰীত নিকপকপীয়াকৈ বান্ধে।সমাজে আমাক মূল্যবোধ আৰু মানৱতাবোধৰ কথা কয়। আধুনিকতাই আমাক বৈজ্ঞানিক আৰু প্ৰযুক্তিবিদ্যাৰ নিত্য নতুন পৰীক্ষা-নিৰীক্ষাৰ কথা কয় লগতে প্ৰগতিশীল দৃষ্টিভংগীৰ লগত চিনাকি কৰায়। আমাৰ সমাজ কোন দিশে ধাৱমান হৈছে সেই কথা আমাক সম্ভেদ দিয়ে।
    এতিয়া কথা হ’ল বৰ্তমান আমাৰ সমাজৰ,চিন্তাৰ , নিত্য নতুন আৱিস্কাৰৰ আমূল পৰিবৰ্তন হৈছে। কিন্তু ইয়াৰ লগে লগে আমাৰ উঠি অহা যুৱপ্ৰন্মৰ উচ্ছৃংখলতা অত্যাধিক মাত্ৰাত বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে।এক বৃহৎ ব্যৱধান দেখা গৈছে।  মাত কথা, আচৰণত ব্যৱধান, চিন্তা ধাৰা, মনোভাৱত ব্যৱধান পৰিলক্ষিত হৈছে।
প্ৰায় ৯-১০ বছৰৰ পৰা ১৮-২০বছৰৰ এই সময়ছোৱাৰ ল’ৰা ছোৱালী (সকলো নহয়, হ’লেও বেছি সংখ্যক) মাজত অপৰাধ প্ৰৱণতা আৰু মাদক দ্ৰব্যৰ সেৱনৰ পৰিমাণ অত্যাধিক মাত্ৰাত বৃদ্ধি পাইছে। মুক্ত বিহংগৰ দৰে বিচৰণ কৰিবলৈ এইচাম উঠি অহা প্ৰজন্মক সুবিধা তথা অবাধ স্বাধীনতা প্ৰদানৰ ফলশ্ৰুতিতেই এই পৰিৱেশ দেখিবলৈ পোৱা গৈছে। আগৰ পাঁচবছৰ তুলনাত এতিয়াৰ দুই এবছৰত এইচাম উঠি অহা যুৱপ্ৰন্মৰ মাত কথাত, ব্যৱহাৰ আৰু দায়িত্ববোধ আৰু সমাজৰ প্ৰতি দায়বদ্ধতাত বৃহৎ ব্যৱধান দেখা পোৱা গৈছে।মদ ,ভাং বিড়ি চিগাৰেট, ভিডিঅ’গেম, পেকেট জাতীয় অস্বাস্থ্যকৰ দ্ৰব্য সেৱনৰ পৰিমাণ অত্যাধিক মাত্ৰাত বৃদ্ধি পাইছে। অতি মাত্ৰা মৰম আৰু সুবিধাই এইচাম নৱপ্ৰজন্মক বিপথে পৰিচালিত কৰিছে।এনে লাগিছে যেন ডাঙৰ সৰুৰ কোনো পাৰ্থক্যই নাই। উৎসৱ পাৰ্বন, ভাওনা সবাহ,ৰাস , দুৰ্গাপূজাৰ আদিৰ সময়ত এই অপৰাধ প্ৰৱণতা,উচ্ছৃংখল,মাদক দ্ৰব্যৰ সেৱনৰ বাস্তৱ অভিজ্ঞতা লাভ কৰিব পাৰি। আৰু ইমান অশ্লীল শব্দ মুখত আখৈফুটাদি ফুটে শুনিলেই কলিজা ধপধপাই উঠে।বিৰাট ভয় হৈছে আমিবোৰ কোন দিশে ধাৱমান হৈছোঁ। আমাক কেনেধৰণৰ সংস্কাৰ দিছে! ইয়াৰ বাবে জগৰীয়া কোন বুলি প্ৰশ্ন কৰিলে অভিভাৱক,সমাজ, বৰ্তমান সুবিধা প্ৰদান কৰা সময় আৰু অগ্ৰজ সকলো পোনপটীয়াকৈ নহ’লেও আওপকীয়াকৈ জড়িত হৈ আছে।সেই কথাটো আপুনি ময়ো জানো। তথাপি আমিবোৰে(২০বছৰৰ ওপৰৰসকল) কিয় এইচাম এনে সুবিধা দিছোঁ, অত্যাধিক স্বাধীনতা দিছোঁ, চকুৰ আগতে ভুলবোৰ দেখিও নেদেখাৰ ভাও ধৰিছোঁ। তেতিয়া হ’লে এইচাম নৱপ্ৰজন্মক বিপথে পৰিচালিত কৰিছোঁ কোনে আমিবোৰেই নহয় জানো! যাৰ ফলত মানসিক ৰোগৰ পৰিমাণ বেছি হৈছে,যি বিছাৰিছে তাকেই দিছোঁ, য’ত যাব বিছাৰিছে তালৈকে যাব দিছোঁ? যাৰ বাবে সমাজত অশৃংখল , মানৱীয় প্ৰমূল্যবোধৰ অৱক্ষয় ঘটিছে।ডাঙৰ কোন সৰু কোন ইটো সিটো মাজত আন্তৰিকতা, শ্ৰদ্ধা, বুজাবুজিৰ মতানৈক্য বাঢ়ি আহিছে।বৰ চিন্তা হৈছে কিয় নাজানো।মোক এই ভয়টোৱে এইকেইদিন বৰ বেছিকৈ খেদি লৈ ফুৰাইছে। যন্ত্ৰই আমাক নিয়ন্ত্ৰণ কৰিছে নে আমি যন্ত্ৰক নিয়ন্ত্ৰণ কৰিছোঁ সেই কথাটো ভাৱিলেই গাৰ নোম থিয় হৈ উঠে।কোনোবাই যদি মদ ,ভাং বিড়ি, চিগাৰেট ,ভিডিঅ’গেম, পেকেট জাতীয় মাদক দ্ৰব্যৰ সেৱন কৰি থাকে আমি তেতিয়া এই কথা ভাবোঁ খাইছে খাওক,তাৰ পইচা তাৰ কথা, তাৰ মাক দেউতাকে একো নকয় আমি কিয় ক’ব লাগে এনেধৰণৰ ঋণাত্মক ধাৰণা এটা লৈ ফুৰিছো!ভয় কৰোঁ জানোচা আত্মসন্মান আমাৰ হেৰাই যাব বাধা দিলে , এইবোৰ কথা কথা কিয় আজি মনলৈ আহিছে নাজানো। এইবোৰ চিন্তাই খুলি খুলি খাইছে।আমি ডাঙৰ ডাঙৰ আট্টালিকা সাজিছোঁ , বেংক বেঞ্চ বৃদ্ধি কৰিছোঁ,সা সম্পত্তি বৃদ্ধি কৰিবলৈ নিজকে আত্মনিয়োগ কৰিছোঁ, কিন্তু তাত যেন কিবা নাই নাই? আজি  ঘৰখনত মাত মাতিবলৈ কোনো নাই, অকলশৰীয়া অকলশৰীয়া ? গতিকে হে মৰমৰ শ্ৰদ্ধাৰ বয়োজেষ্ঠসকল ,দাদা বাইদেউসকল নতুন চামৰ বাবে চিন্তা কৰাৰ সময় আহি পালেহি।ইমান এখন বিশৃংখল পৰিৱেশ গঢ় ল’বলৈ গতি কৰিছে ভাৱিলে উশাহ-নিশাহবোৰ বন্ধ হৈ যায়।অসমখন সংস্কৃতিত চহকী, বৰ্তমান শিক্ষা দীক্ষাৰে যথেষ্ট আগবঢ়া , কিন্তু তাৰ লগে লগে এখন কৃত্ৰিম তথা যান্ত্ৰিক পৃথিৱীৰ প্ৰলোভনৰ সুবিধাই, আৰু অত্যাধিক স্বাধীনতাই আমাৰ সামাজিক ,সাংস্কৃতিক বৌদ্ধিক, মানসিক চিন্তা ধাৰাত অৱক্ষয় ঘটাইছে।তেনে দিনবোৰত আমিবোৰে কেনে কাৰ্যপন্থা গ্ৰহণ কৰিব লাগে সেইকথা জানি বুজি হাত সাৱতি বা নিমাতী কইনা হৈ,দেখি শুনি নেদেখা নুশুনাৰ ভাও ধৰি থাকিলে আমাৰ কিমান উপকাৰ হ’ব সেই কথা নকলেও বুজি পাইছে চাগে।
শেষত কথাবোৰ ধনাত্মকভাৱে ল’লে সুখী হ’ম।

Leave a Reply

Your email address will not be published. Required fields are marked *