আধুনিকতাৰ পাকচক্ৰত
ঘূঁণে ধৰা মনৰ ধৰফৰনি
জীৱনক জটিলৰ পৰা সহজলৈ অনাৰ গাণিতিক
সূত্ৰটো এৰি অহা দিন হ’ল
সেয়ে হয়তো জীৱনৰ শুদ্ধ জোখ মাখ কৰোঁতে আজি কালি আউল লাগে
তোমাৰ মোৰ অথবা আমাৰ
প্ৰত্যেক মূহুৰ্তত কেৱল পৃথকিকৰণ মনৰ ঘূৰা-ঘূৰি
বুজিছো …
সহিবজনা সময়ৰ অভাৱত
মানুহ কেনেকৈ উত্তৰ বিহীন
প্ৰশ্নৰ মেৰপেছত আবদ্ধ হয়
বিশ্বাসৰ ভেঁটিত সন্দেহৰ
বীজ গজি উঠিছে
আমি পাহৰিছো
উপলব্ধিৰ জখলা বগাবলৈ
সেয়ে আমি সিদ্ধান্তত অস্হিৰ
কেৱল মাৰ্কচৰ পিছত
শতাংশৰ পিছত প্ৰেমৰ
নিমিলা অংক মিলাবলৈ শিকিছো
শিকা নাই অভিজ্ঞতাত
জীৱন পৰিশোধন কৰা পদ্ধতিৰ অ আ ক খ
বিয়ানামৰ সুৰ বিচাৰি
উৰুলি বিচাৰি
আপুনি বাৰু
বিয়াঘৰ দৰ্শন কৰিছেনে
নে আপুনিও
অহাৰ দৰে আহিছে
যোৱাৰ দৰে ওভটিছে
এনেকৈয়ে আৰু কিমান দিন
কিমান দিন টিকিব পানী তোলা ঢোলৰ চাপৰ
ৰাম ৰাম যমুনাৰ ঘাটলৈ
ৰাম ৰাম পানী তুলিবলৈ
বহুদিন হ’ল ছবিখন বিচাৰি ফুৰা
পাৰিলে আপুনিও এবাৰ বিচাৰিব
মানুহ বনাম অমানুহ
সংস্কৃতি বনাম অপসংস্কৃতিলৈ
গতি কৰা কাৰোবাক হয়তো পাই যাব পাৰে
আপোনাৰ মোৰ মাজত
আৰু কিমান দিন মানৱতাৰ
জয়গানৰ নামত ৰক্ষকেই ভক্ষক হ’ব
ঠিকনা বিহীন এটা অঘৰীৰ
কাহিনী আপোনাৰ আগত তুলি দিলোঁ
আপোনাৰ উকা অনুভৱৰ পৃষ্ঠাত
কাপকাঠিৰে পাৰিলে কথাবোৰ জুকিয়াব
নিজকে প্ৰতিপালন কৰাৰ
কৌশল পাহৰাৰ বাবেই চাগে
আমিবোৰে জীৱনৰ বাট হেৰুৱাই পেলাইছোঁ
হেৰুৱাই পেলাইছো নিজস্বতা
এনেকৈয়ে আৰু কিমান দিন
কিমান দিন নিজৰ পৰা গা-এৰা দিব
আপুনি মানৱসম্পদ হোৱাতো নিবিচাৰে নেকি
সন্তান অথবা নৱ-প্ৰজন্মৰ।
কনমইনা দাস বেলগুৰি দেৰগাঁও, যোৰহাট।