0 00 1 min 5 yrs 199
কলেজ তিনিআলিত সেইদিনা 
মোৰ সৈতে হৈছিল তোমাৰ চিনাকি
তোমাৰ সৈতে হোৱা প্ৰথম চিনাকিতে
নাজানো কেনেকৈ মোক এক
অদ্ভুদ শক্তিয়ে তোমাৰ ওচৰলৈ টানি লৈ গৈছিল
কিয় জানো ?
এনে লাগিছিল
যেন তোমাৰ অবিহনে
আৰু মই জীয়াই থাকিব নোৱাৰিম
কিন্তু মই জানিছিলো যে
তুমি গাৱলীয়া পৰিৱেশৰ লগত থাকিব নোৱাৰিবা
তথাপিও মই
তোমাক এৰিব নোৱাৰো
সেই কাৰণেই মই এটা সিদ্ধান্তত উপনীত হৈছিলো
কিন্তু তুমি কিয় এনেকুৱা কৰিলা?
কিয় তুমি অলপো নাভাবিলা
ভাঙি থৈ গ’লা তুমি
সকলো সপোন
তোমাক লৈ দেখিছিলো
বহুত সপোন
মনত পুহি ৰাখিছিলো ক’ত আশা
পৰিকল্পিত হৈছিল মনত
হ’ব তোমাৰ মোৰ এটি ধুনীয়া পজা
য’ত তুমি আৰু মই
কিয় ইমান আশা দিছিলা ?
যদি তুমি নাথাকাই মোৰ সৈতে
মোৰ কলিজা দুফাল কৰি কিয় গুছি গ’লা ?
আচলতে প্ৰেমবোৰ এনেকুৱাই নেকি?
দুদিনৰ বাবে জীৱনলৈ আহি
এনেদৰে আকৌ গুছি যাবলৈ
ইমান যন্ত্ৰনা যদি সহিবই লাগে তেনেহ’লে প্ৰেম নকৰাই ভাল
বিন্দাছ থাকিব লাগে বিন্দাছ
চাল্লা চাৰা দুনীয়াত
প্ৰেম এনেকৈয়ে হয় নেকি?
নে মোৰ জীৱনতহে হৈছে !
এনেকৈয়ে চলি থাকিব নেকি চাৰা দুনীয়া
গতানুগতিক সময়ৰ লগত খোজ মিলাই
মোৰেই ভুল আছিল তোমাক ভাল পাইছিলো
এতিয়া সকলো গছকি মোহাৰি পেলোৱা হ’ল ।
অৱশ্যে এটা কথা
যিকোনো নতুন পথত খোজ দিলে লাহে ধীৰেই যোৱাটোৱেই ভাল
নহ’লে ক’ত কেতিয়া
কি ঘটনা হ’ব পাৰে
তাৰ কোনো সীমা নাই ।।।
সচাই তাৰ কোনো সীমা নাই ।।।
সেইয়া অন্তহীন সীমা।।।।।।।।।। অন্তহীন সীমা
                      ✍ প্ৰাঞ্জল শংকৰ দত্ত

Leave a Reply

Your email address will not be published. Required fields are marked *