0 00 1 min 8 yrs 217

তুমি যেতিয়া মোৰ কাষলৈ আহা,

তেতিয়া মই অনুভৱ কৰোঁ
সুগন্ধি প্ৰেমৰ সুবাস,
মই তোমাতেই বিলীন হৈ যাওঁ
গোপনে-গোপনে……
তোমাৰ কথা যেতিয়া
মোৰ মনলৈ আহে
তেতিয়া মই আনন্দত
মতলীয়া হৈ পৰোঁ,
হৃদয়ৰ ফুলনিত ফুলি উঠে
এপাহি ৰঙা গোলাপ
গোপনে-গোপনে…
তুমি যেতিয়া মোৰ
কাষৰপৰা আতৰি যোৱা
তেতিয়া নিজকে মোৰ
বোবা যেন লাগে,
যেন হেৰাই যাব শত-শহস্ৰ
ৰঙা গোলাপৰ সুবাস
গোপনে-গোপনে ।।

Leave a Reply

Your email address will not be published. Required fields are marked *