0 00 4 yrs 213

কাজিৰঙাতো কৰণা ভাইৰাছৰ আতংক আৰম্ভ হৈছে ৷ যাৰবাবে অনিৰ্দিষ্ট দিনলৈ স্থগিত কৰিলে কাজিৰঙা উৎসৱ ৷ বোকাখাত মহকুমা প্ৰশাসনে আয়োজন কৰিছিল কাজিৰঙা উৎসৱৰ ৷ অহা ১২ মাৰ্চৰ পৰা ১৫ মাৰ্চলৈ অনুস্থিত হব লাগিছিল উৎসৱখনি ৷ দ্বিতীয়বাৰৰ বাবে স্থগিত হল কাজিৰঙা উৎসৱ ৷ বোকাখাতৰ মহকুমাধিপতি বিবেক শ্যামে জনালে এই কথা ৷ সমান্তৰালভাৱে কাজিৰঙাৰ প্ৰতিখন হোটেলতে নজৰ ৰাখিছে চিকিৎসকৰ দুটা দলে ৷ দুজন বিশেষজ্ঞ চিকিৎসকে বোকাখাতত বাহৰপাতি সমগ্ৰ পৰিস্থিতিৰ ওপৰত নজৰ ৰাখিছে ৷ কহঁৰা আদৰ্শ চিকিৎসালয়ত দুটা আইচলেশ্যন ৰূমো সাজু কৰিছে প্ৰশাসনে ৷ প্ৰতিখন বিদ্যালয়ৰ শিক্ষাৰ্থীক মাস্ক পৰিধানৰো আহ্বান জনাইছে প্ৰশাসনে ৷

পপী

Leave a Reply

Your email address will not be published. Required fields are marked *