0 00 1 min 4 yrs 211

৭ ডিচেম্বৰ২০১৯ 

কাজিৰঙা পৰ্যটনত এক নতুন স্বাদ দিয়াৰ উদ্দেশ্যত বিগত তিনিটা বৰ্ষত আয়োজন কৰি অহা চিল্ক এণ্ড ডাই উৎসৱটি আজিৰেে পৰা আৰম্ভ হৈছে৷ প্ৰতি বৰ্ষৰ ডিচেম্বৰ মাহৰ প্ৰথম শনিবাৰৰ আৰম্ভ কৰি দ্বিতীয় দেওবাৰ পৰ্যন্ত চলা এই উৎসৱটি আগন্তুক অহা ১৫ ডিচেম্বৰলৈকে ন দিনীয়াকৈ বিভিন্ন কাৰ্যসূচীৰে কাজিৰঙাৰ আয়ৰা ৰিচৰ্টত অনুষ্ঠিত কৰা হ’ব৷ জনমভূমি জনকল্যাণৰ উদ্যোগত তথা নুমলীগড় তেল শুধনাগাৰ লিমিটেড, ৱাই চি এচ ডি, আৰ্থ ক্ৰাফট আদিৰ সহযোগত কাজিৰঙাৰ বগৰীজুৰিত অৱস্থিত আয়’ৰা পৰ্যটন নিবাসৰ প্ৰাংগনত অনুষ্ঠিত হোৱা এই উৎসবত নগালেণ্ড, চিকিম, মেঘালয়, মণিপুৰকে আদি কৰি উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনে তেওঁলোকৰ উচ্চ মানসম্পন্ন সামগ্ৰী লৈ অংশগ্ৰহণ কৰিছে৷
থলুৱা শিপিনীক উৎসাহিত কৰা, থলুৱা সামগ্ৰী কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰিবলৈ অহা দেশ বিদেশৰ পৰ্যটকৰ যোগেদি প্ৰচাৰ আৰু প্ৰসাৰ কৰাৰ উদ্দেশ্যে এই উৎসবৰ প্ৰধানকৈ আয়োজন কৰি অহা হৈছে জনাইছে উদ্যোক্তাই৷ উদ্যোক্তাই লগতে জানিবলৈ দিয়া মতে প্ৰতিদিন পুৱা ১০ বজাৰ পৰা বিয়লি ৪ বজালৈ প্ৰাকৃতিক ৰহণ বুলোৱাৰ বিষয়ে হাতে – কামে প্ৰদৰ্শন কৰোৱা হব । ইতিমধ্যে এই ৰহণ বুলাবলৈ অৰ্থাৎ হাতে কামে প্ৰাকৃতিক ৰং প্ৰস্তুত কৰা কাম কৰিবলৈ কেইবাজনো বিদেশী পৰ্যটকে আগতীয়াকৈ যোগাযোগ কৰিছে। অন্যহাতে ক্ৰাফট বজাৰত ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ উচ্চ মানসম্পন্ন সামগ্ৰীৰ প্ৰদৰ্শন তথা বিক্ৰী কৰাৰ ব্যৱস্থা কৰা হৈছে। মহিলা আত্মসহায়ক গোটক উৎসাহিত কৰাৰ উদ্দেশ্যে মহিলা আত্মসহায়ক গোট আৰু গ্ৰামীণ উদ্যোগীসকলৰ দ্বাৰা প্ৰস্তত কৰা হস্তশিল্প  আৰু খাদ্য সামগ্ৰী বিক্ৰীৰ যোগেদি আৰ্থিক ভাৱে আগবঢ়াই নিয়াৰ প্ৰয়াস কৰা হৈছে। ইয়াৰ উপৰিও ছেভেন যাৰ্ডছ ব্ৰাইডেল বুকে অৰ্থাৎ পৰস্পৰাগত বিবাহৰ সাজ পাৰৰ এক বিশেষ প্ৰদৰ্শনী,  প্ৰাকৃতিক ৰহন বোলোৱা বিষয়ক বিনামূলীয়া কৰ্মশালা, কেনেকৈ বিজ্ঞানসন্মত পদ্ধতিৰে ৰেছম কৰিব পৰা যায় তাৰ ওপৰত ৰেছম পালকৰ বাবে সজাগতা সভাৰো আয়োজন কৰা হৈছে বুলি উদ্যোগতই জানিবলৈ দিয়ে৷ অন্যহাতে এই উৎসবত অংশগ্ৰহণ কৰা লোক তথা দেশ – বিদেশৰ পৰ্যটকৰ কাৰণে বনফায়াৰ আৰু প্ৰতি সন্ধিয়া ৬ – ৭ বজালৈ বিভিন্ন জাতি জনগোষ্ঠীৰ লোক সংস্কৃতি প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হৈছে। উল্লেখ্য কাজিৰঙা চিল্ক এন্ড ডাই উৎসবৰ যোগেদি টেস্কটাইল টুৰিজিম হিচাপে মাৰ্কেটিং কৰা হৈছে । বিগত তিনিটা বৰ্ষৰ উৎসবৰ পৰ্যালোচনা কৰি জানিব পৰা মতে এই উৎসবৰ যোগেদি বিশেষকৈ কাজিৰঙালৈ পৰ্যটকৰ আগমন বৃদ্ধি পাই আহিছে । উল্লেখ্য উক্ত উৎসবৰ কেইদিন কাজিৰঙাত থকা পৰ্যটন নিবাসবোৰত পৰ্যটকে আগতীয়াকৈ কোঠা সংৰক্ষণ কৰিছে বুলি আয়োজক সমিতিয়ে জানিব দিছে৷ আনহাতে, কাজিৰঙা ৱাইল্ড লাইফ টুৰিজিমৰ কাৰণে বিশ্ব বিখ্যাত যদিও এই চিল্ক এন্ড ডাই উৎসবৰ যোগেদি টেস্কটাইল টুৰিজিমৰ আন এক নতুন টুৰিজিম কাজিৰঙাত আৰম্ভ হৈছে বুলিও আয়োজকে মত প্ৰকাশ কৰে৷
পপী শইকীয়া 
বোকাখাত।

Leave a Reply

Your email address will not be published. Required fields are marked *