0 00 1 min 5 yrs 160
   

  সাৱধান চোৰাং চিকাৰী। কাজিৰঙাত গঁড় হত্যাৰ পৰিকল্পনা কৰিলে মুখামুখি হব লাগিব অত্যাধুনিক মৰাণাস্ত্ৰৰে সু সজ্জিত বিশেষ গঁড় সুৰক্ষা বাহিনীৰ চমুকৈ SRPF ৰ সৈতে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত পিয়াপি দিছে এতিয়া SRPF ৰ জোৱান সকলে। উল্লেখযোগ্য যে, ১০ মাহ ধৰি বঢ়মপুৰস্থিত নৱম এ পি বি এন ত কঠোৰ প্ৰশিক্ষণ গ্ৰহণ কৰিছে  মহিলাসহ এই ৮২ জনীয়া বিশেষ গঁড় সুৰক্ষা বাহিনীৰ দলটোৱে । কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ৫ টা বনাঞ্চলত মুঠ ৮২ গৰাকী জোৱান নিয়োগ কৰিছে। শুকুৰবাৰে বিয়লি এই ৮২ জনীয়া বিশেষ গঁড় সুৰক্ষা বাহিনীৰ দলটো উপস্থিত হয়হি কাজিৰঙাত ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ তিনিটা ৰেঞ্জত ইতিমধ্যে গঁড় সুৰক্ষা বাহিনীৰ এই ৮২ জনীয়া দলটোক বিভক্ত কৰা হৈছে ৷ এই দৃশ্য শনিবাৰৰ পুৱাৰ ৷ বুঢ়াপাহাৰ বনাঞ্চলৰ গভীৰ অৰণ্যত চোৰাং চিকাৰীৰ বিৰুদ্ধে এম্বুছ আৰম্ভ কৰিছে এই বিশেষ গঁড় সুৰক্ষা বাহিনীৰ দলটোৱে ৷ হাতত এছ এল আৰ লৈ বুঢ়াপাহাৰ বনাঞ্চলৰ স্পৰ্শকাতৰ ঠাইত এনেদৰে এম্বুছ কৰা দেখা গ’ল বিশেষ গঁড় সুৰক্ষা বাহিনীৰ দলটোক ৷ উল্লেখ্য যোগ্য যে, বুঢ়াপাহাৰ বনাঞ্চলত বিগত সময়ত চোৰাং চিকাৰীয়ে ইটোৰ পাছত সিটো গঁড় হত্যা কৰি বনবিভাগৰ নিদ্ৰাহৰণ কৰিছিল ৷ কেইবাগৰাকীও মহিলা জোৱানসহ হাতত এছ এল আৰ লৈ চোৰাং চিকাৰীৰ বিৰুদ্ধে এনেদৰে এম্বুছ কৰা দৃশ্য বন্দী হয় কেমেৰাত ৷ চোৰাং চিকাৰী দলে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত প্ৰৱেশ কৰি অত্যাধুনিক AK 47 ৰাইফলেৰে গঁড় হত্যা কৰি আহিছে ৷ এই ক্ষেত্ৰত বিশেষ গঁড় সুৰক্ষা বাহিনীয়ে গুলীৰ কোনো ভেদাভেদ নাই বুলি উল্লেখ কৰি তেওঁলোকৰ হাতত থকা এই এছ এল আৰ ৰাইফলেৰেই চোৰাং চিকাৰী দলক প্ৰত্যাহ্বান জনাবলৈ সক্ষম হ’ব বুলি জানিবলৈ দিয়ে ৷ অৰ্থাৎ এই সাহসী বিশেষ গঁড় সুৰক্ষা বাহিনীৰ দলে এছ এল আৰ ৰাইফলেৰেই এতিয়া কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গঁড় হত্যা কৰিবলৈ অহা চোৰাং চিকাৰীক তীব্ৰ প্ৰত্যাহ্বান জনাব ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰিবেশৰ সৈতে খাপ খাবলৈ প্ৰচেষ্টা চলায় থকা বুলি উল্লেখ কৰি এই বিশেষ গঁড় সুৰক্ষা বাহিনীৰ মহিলা কেডাৰ সকলে এতিয়াৰে পৰা অসম গৌৰৱ এশিঙিয়াক সুৰক্ষা প্ৰদান কৰাৰ ক্ষেত্ৰত বদ্ধ পৰিকৰ বুলি কয় ।

পপী শইকীয়া

Leave a Reply

Your email address will not be published. Required fields are marked *