0 00 1 min 4 yrs 212
11.03.2020.
কাজিৰঙাত “SAVE RHINO” নামৰ তথ্য চিত্ৰ নিৰ্মাণৰ কাম সামৰণি মাৰিলে ইংলেণ্ডৰ ক্ৰিকেটাৰ কেভিন পিটাৰচনে।সাত দিনীয়া ভ্ৰমণসূচীৰে কাজিৰঙালৈ অহা ক্ৰিকেট তাৰকাগৰাকীয়ে  কাজিৰঙাৰ কাষৰীয়া বিভিন্ন স্থান পৰিভ্ৰমণ কৰাৰ লগতে এশিঙীয়া গঁড় সংৰক্ষণ আৰু সুৰক্ষাৰ ক্ষেত্ৰত সজাগতা সৃষ্টি কৰে। তথ্য চিত্ৰ দৃশ্যগ্ৰহনৰ সমাপ্তিত বুধবাৰে এক সংবাদ মেল আয়োজন কৰে।
কাজিৰঙাত বন্যপ্ৰাণী সংৰক্ষণৰ সফলতা আৰু স্থানীয় লোকৰ সহযোগিতাত মই আপ্লুত হৈ পৰিছো ৷কাজিৰঙাত ইংলেণ্ডৰ ক্ৰিকেট তাৰকা কেভিন পিটাৰছেনে এক সংবাদ মেলত এই কথা প্ৰকাশ কৰিছে ।সংবাদ মেলত ক্ৰিকেটাৰ গৰাকীয়ে প্ৰকাশ কৰে যে আফ্ৰিকাত প্ৰতি আঠ ঘন্টাত এটাকৈ গঁড় চোৰাং চিকাৰীয়ে নিধন কৰাৰ বিপৰীতে অসমত নিয়ন্ত্ৰণ হৈছে গঁড় নিধন ৷অসমৰ আতিথ্য আৰু সংস্কৃতিক প্ৰশংসা পিটাৰচনৰ ৷তেওঁ ব্যক্ত কৰে যে এই সকলোবোৰ 
 তেঁওৰ তথ্য চিত্ৰত প্ৰকাশ পাব ৷
পপী শইকীয়া
বোকাখাত

Leave a Reply

Your email address will not be published. Required fields are marked *