0 00 1 min 4 yrs 232

বোকাখাত : ৩ ডিচেম্বৰ :

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অগৰাতলি বনাঞ্চলৰ তামুলীপথাৰ বন শিৱিৰ এলেকাত আজি পুৱা ভালুকৰ আক্ৰমনত গুৰুত্বৰ ভাৱে এজন বনকৰ্মী আহত হয় ৷ তামুলীপথাৰ বন শিৱিৰৰ বনকৰ্মী লীলাধৰ শৰ্মাই দেৱেন কুটুম নামৰ বনকৰ্মীজনৰ সৈতে ভালুকমাৰি অঞ্চলত শ্ৰমিকৰ কাম পৰিদৰ্শন কৰিবলৈ যাওঁতে ভালুকে আক্ৰমন কৰি গুৰুত্বৰ ভাৱে জখম কৰে ৷ ভালুকৰ অতৰ্কিত আক্ৰমনৰ সময়ত লগতে থকা বন্দুকৰ গুলী ফুটাবলৈও সময় নাপালে বনকৰ্মীজনে ৷ লীলাধৰ শৰ্মাৰ লগত থকা দেৱেন কুটুম নামৰ বনকৰ্মীজনে কোনোমতে পলায় সাৰে ৷ ভালুকৰ অতৰ্কিত আক্ৰমনত আহত হোৱা বনকৰ্মী লীলাধৰ শৰ্মাক ততাতৈয়াকৈ বোকাখাত অসামৰিক চিকিৎসালয়ত প্ৰাথমিক চিকিৎসা প্ৰদান কৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ উদ্যোগতে গুৱাহাটীৰ এপ’ল চিকিৎসাললৈ প্ৰেৰণ কৰা হয় ৷

Leave a Reply

Your email address will not be published. Required fields are marked *