0 00 5 yrs 210
সমাগত বানপৰিস্থিতিত কাজিৰঙা উদ্যান কৰ্তৃপক্ষই কাজিৰঙাৰ জীৱকূলক নিৰপদে ৰাখিবৰ বাবে কেনেধৰণে প্ৰস্তত হৈছে তাৰ বুজ লবৰ বাবে অগৰাতলীত উপস্থিত মূখ্যমন্ত্ৰী।অগৰাতলী বনাঞ্চলত নিৰ্মান কৰা হাইলেন্ড পৰিভ্ৰমণ কৰি বান পানীৰ সময়ত মুকাবিলা কৰিব পৰাকৈ যাৱতিয় ব্যৱস্থা গ্ৰহণৰ পৰামৰ্শ আগবঢ়ায়।কাজিৰঙা ভ্ৰমন পৰিদৰ্শন কালত মুখ্যমন্ত্ৰীক সংগ দিয়ে স্থানীয় বিধায়ক অতুল বৰাই। কাজিৰঙাৰ অগৰাতলী বনাঞ্চলত পৰ্যতকৰ সংখ্যা কিছু কম যদিও কলনি হিচাপে পৰিচিত এই বনাঞ্চলখন অধিক আকৰ্ষনীয় কৰাৰ স্থল আছে বুলি সাংবাদিকৰ আগত ব্যক্ত কৰে। আনহাতে উদ্যানখনত ৩৩ টা হাইলেণ্ড নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ ফলত বাৰিষা কালত কাজিৰঙাৰ বন্যপ্ৰানীৰ বিশেষ অসুবিধা নহব বুলি উল্লেখ কৰে। লগতে অগৰাতলীলৈ যাতায়ত কৰা দুয়োটা পথ অতি খৰতকীয়াকৈ নিৰ্মাণ কৰিবৰ বাবে বোকাখাত মহকুমা প্ৰশাসনক নিৰ্দেশ দিয়ে।
পপী শইকীয়া

Leave a Reply

Your email address will not be published. Required fields are marked *