0 00 1 min 4 yrs 219
বোকাখাত : ৪ ডিচেম্বৰ :
দেশৰ সৰ্বোচ্চ ন্যায়লয়ত চেন্ট্ৰেল এমপাৱৰ্মেণ্ট কমিটিয়ে দাখিল কৰা প্ৰতিবেদনৰ  উদ্ধিতৃৰে গোলাঘাটৰ জিলা উপায়ুক্তই কাজিৰঙাৰ ৩৭ নং ৰাষ্ট্ৰীয় পথাংশত আজিৰে পৰা সকলোবোৰ গধুৰ যান বাহন ৰখোৱাতো নিষিদ্ধ কৰিছে ৷ কাজিৰঙাৰ এনিমেল কৰিডৰত যানবাহনৰ বাবে বন্যপ্ৰাণীৰ সমুহৰ হোৱা বিপদৰ প্ৰতি লক্ষ্য ৰাখি গোলাঘাটৰ উপায়ুক্ত ধীৰেণ হাজৰিকাই আজি ভাৰতীয় দণ্ডাবিধি আইনৰ ১৪৪ ধাৰা অনুসৰী জি এম জে.১০/২০০৬-১১/৭৪ নম্বৰ নিৰ্দেশ যোগে বোকাখাতৰ বৰজুৰিৰ পৰা বাগৰিলৈকে  ৩৭ নং ৰাষ্ট্ৰীয় পথাংশক ন’ পাৰ্কিং জ’ন হিচাবে চিনাক্ত কৰি ট্ৰাক, টেংকাৰ আৰু টেইলাৰ ৰখোৱা বন্ধ কৰা বুলি ঘোষণা কৰিছে ৷ এই নিৰ্দেশৰ পাচতেই বোকাখাতৰ বৰজুৰিৰ পৰা বাগৰিলৈকে প্ৰসাৰিত ৩৭ নং ৰাষ্ট্ৰীয় পথাংশৰ দুষোকাষে ট্ৰাক, টেংকাৰ বা টেইলাৰৰ দৰে গধুৰ যানবাহন ৰখাব নোৱাৰিব ৷ উল্লেখ্য যে চেন্ট্ৰেল এমপাৱাৰমেন্ট কমিটিৰ প্ৰতিবেদনত এই পথাংশত আৱৰ্জনা পেলাই বা গাড়ী ধুই এনিমেল কৰিডৰৰ লগতে সমীপেৰে বৈ যোৱা ডিফলু নদী প্ৰদূষিত কৰা বুলিও উল্লেখ কৰিছে ৷
পপী শইকীয়া 
বোকাখাত

Leave a Reply

Your email address will not be published. Required fields are marked *