0 00 1 min 4 yrs 109

 আনন্দত মতলীয়া হ’ব নোৱাৰিলাই যেনিবা

কমিব নিদিবা হৃদয়ৰ প্ৰেম- ভালপোৱা
হেঁপাহৰ ৰঙীণ সপোনবোৰ হয়তো স্মৃতি হ’ব
কিন্তু সদায়ে তোমাৰ লগতে থাকিব।
অদৃশ্যৰ ভৰষাত জন্ম আমি
সেয়ে ছাগে মৰমবোৰো হয় অভিমানী!
নিলীম আকাশখন ঢুকি নাপাও কোনোদিনে
অথচ
চুই চোৱাৰ হেঁপাহ জাগে প্ৰতিপলে…
নোৱাৰিলেও কথা নাই
সেই বেজাৰ নাথাকে বেছিদিন
বাস্তৱক স্বীকাৰ কৰি
পৰিস্থিতিৰ মোকাবিলাত লও সান্তনা
কিন্তু জীয়াই থাকো মানে
থাকিব 
আকাশ চোৱাৰ বাসনা।।

Leave a Reply

Your email address will not be published. Required fields are marked *