0 00 1 min 3 yrs 212

দৰং জিলাৰ ছিপাঝাৰ বিধানসভা সমষ্টিৰ মুছলিমঘোপা (সাতঘৰীয়া)ৰ টেংকাৰ চালক আজিজুল হক (৫৫)ৰ যোৱা ১৩ ডিচেম্বৰত নুমলীগড় অভিমুখে তেল আনিবলৈ যাওঁতে ওৰাং থানাৰ সমীপৰ ঢেকীয়াজুলি থানা এলেকাৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পাঁচনৈ দলঙৰ ওচৰত এএছ-০১ ডিডি-৫২৩৪ নম্বৰৰ গাড়ীখনত নিশা প্ৰায় ১১.৩০ বজাত দুস্কৃতিকাৰীয়ে নিক্ষেপ কৰা পেট্ৰল বোমাত গাড়ীৰ ভিতৰতে অগ্নিদগ্ধ অৱস্থাৰ পৰা গুৱাহাটীৰ নেমকেয়াৰ হাস্পতালত চিকিৎসাধীন অৱস্থাত মৃত্যু হৈছিল৷ পৰিয়ালটোৰ একমাত্ৰ মুৰব্বী তথা উপাৰ্জনক্ষম ব্যক্তিৰ অকাল মৃত্যুত ভাগি পৰিছে আজিজুলৰ পত্নী চেলিমা বেগম আৰু স্নাতক বিজ্ঞান শাখাত মঙলদৈ মহাবিদ্যালয়ত অধ্যয়নৰত একমাত্ৰ কন্যা চেমিম আখতাৰ৷ উল্লেখ্য যে আজিজুল হকৰ একমাত্ৰ পুত্ৰৰ মটৰ চাইকেল দুৰ্ঘটনাত মৃত্যু হৈছিল৷ আজি আজিজুল হকৰ ঘৰত ৰাজা ফাউণ্ডেশ্যন, অসমৰ সম্পাদকপ্ৰধান, লেখক মুহাম্মাদ ফাৰুক আব্দুল্লাহ নূৰীয়ে এটি সঁজাতী দলৰ সৈতে উপস্থিত হৈ পৰিয়ালটোৰ খবৰ লয়৷ সংগঠনটোৱে পৰিয়ালটোক চৰকাৰী পক্ষৰ পৰা কোনোৱে সাক্ষাৎ নকৰাত তীব্ৰ ক্ষোভ প্ৰকাশ কৰে৷ অনাগত দিনত পৰিয়ালটোৰ লগত থাকি সহায়-সহযোগ কৰাৰ আশ্বাস প্ৰদান কৰে মুহাম্মাদ ফাৰুক আব্দুল্লাহ নূৰীয়ে৷ চৰকাৰৰ ওচৰত দুৰ্ভগীয়া পৰিয়ালটোক ১০ লাখ টকাৰ আৰ্থিক ক্ষতিপূৰণ দিয়াৰ লগতে আজিজুল হকৰ একমাত্ৰ কন্যাক এটি চৰকাৰী চাকৰিৰ ব্যৱস্থা কৰিবলৈ ৰাজা ফাউণ্ডেশ্যন, অসমে দাবী জনাইছে৷ লগতে দুষ্কাৰ্যত জড়িত সকলক কঠোৰ শাস্তি প্ৰদান কৰিবলৈ দাবী জনায়৷ ইফালে ‘কা’ আন্দোলনত নিহত লোকসকলৰ লগতে আজিজুল হকক জাতীয় শ্বহীদ ঘোষণা কৰিছে গৰীয়া-মৰীয়া-দেশী জাতীয় পৰিষদৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক আৰু মুখ্য উপদেষ্টা ফজলুল কৰিম হাজৰিকাৰ নেতৃত্বত আৰু দৰং জিলা সমিতিৰ সভাপতি আফজল হুছেইন আৰু সম্পাদক আতোৱাৰ ৰহমান সহ একাংশ বিষয়ববীয়াই৷

Leave a Reply

Your email address will not be published. Required fields are marked *