0 00 1 min 4 yrs 231

পাঁচ বছৰ আগতে ছোৱালী এজনীক ৰিচাৰ্জ এটি দি সহায় কৰিছিলোঁ । আজি পাঁচ বছৰ পাছত সেই ছোৱালী জনীয়ে মোৰ গান এটাৰে এটা লাইকী ভিডিঅ’ বনাই উপহাৰ হিচাপে দিলে আৰু কলে যে ” ৫ বছৰ আগতে যেতিয়া ম্ই মেডিকেল পঢ়ি আছিলোঁ ৫০০ টকা প্ইচাৰ বাবেও বহুত টনাটনি হৈছিল আৰু সেই সময়ত আপুনি মোক ৩০০ টকাৰ ম’বাইল ৰিচাৰ্জ দি হেল্প কৰিছিল । আজি ম্ই এগৰাকী চিকিৎসক ২ ৰ পৰা ৩ লাখ পৰ্যন্ত উপাৰ্জন হয় কিন্তু তথাপিও ৫ বছৰ আগৰ সেই ৩০০ টকাটোৰ যি মূল্য সেয়া মই ঘূৰাই দিব নোৱাৰোঁ কিয়নো কিছুমান বস্তু টকাৰে কিনিব পৰা নাযায় । গতিকে আপোনালৈ মোৰ এয়া এক ক্ষুদ্ৰ উপহাৰ। ভাল লাগিল । তেওঁৰ অনুভৱ । অনুভৱ হ’ল কিছুমান মানুহৰ অন্তৰত এতিয়াও কৃতজ্ঞতাৰ গুণ আছে । মনে – মনে অলপ লাজো লাগিল । ৩০০ টকাৰ কথা যেনেকৈ কৈছে যে ৩ লাখ বা ৩ কোটি হে । যাইকি নহওক কাক কিমান ডাঙৰ সহায় কৰিছে সেইটো আচল কথা নহয় । আন্তৰিকতাহে আচল । গতিকে কোনোবাই যদি আপোনাক কিবা সহায় কৰিছে সেয়া কিমান ডাঙৰ কিমান সৰু সেয়া জোখাটো প্ৰয়োজনীয় কথা নহয় ।তেনে কৰিলে মানুহৰ অন্তৰৰ পৰা সহায়ৰ মনোভাৱ হেৰাই যাব । আপোনাৰ প্ৰয়োজনৰ সময়ত যে আপোনাক সহায় কৰিছে সেইটোহে আচল কথা । আৰু যদি সম্ভৱ হয় কৃতজ্ঞতা প্ৰকাশ কৰক । তেনে কৰিলে তেওঁ সৰগীয় সুখ অনুভৱ কৰে । মানুহৰ কথা-বতৰা আচাৰ ব্যৱহাৰতে প্ৰকৃত পৰিচয় লোকাই থাকে ।

 আমি নিজকে যিমানেই ভাল বুলি নক্ও লাগে আমাৰ ব্যৱহাৰত সকলো প্ৰকাশ পায় । গতিকে নিজকে ভাল-ভাল বুলি কৈ চিঞৰি থাকিলে জানো কিবা লাভ হ’ব । তাতোকৈ নিজৰ কামত মনোযোগ দিয়াটো বেছি ভাল হ’ব । আপোনৰ কামতেই গম পোৱা যাব আপুনি কিমান ভাল । কৰ্মইহে ধৰ্ম ।
 কপালত যি লিখা আছে সেয়া হ’বয়ে বুলি হাত সাবতি বহি থাকিলে একো নহ’ব । হাতে কামে লাগিলেহে আগুৱাই যোৱাটো সম্ভৱ । ভগৱানেও সেই জনকহে সহায় কৰে যিজন বিনা হেমাহিৰে নিজৰ কাম কৰি যায় আৰু নিজৰ সহায় নিজে কৰিব পাৰে , এজন কপালৰ ওপৰত বিশ্বাস কৰি নাকত তেল দি শুই থকা এলেহুৱাক নহয় । গতিকে কপালত কি লিখা আছে সেয়া কপালত থাকিব দিয়ক আৰু নিজৰ কামত লাগি যাওক ।

Leave a Reply

Your email address will not be published. Required fields are marked *