0 00 1 min 4 yrs 236
দিনৰ পিছত আান্ধাৰেৰে আৱৰা
একোটা কলা নিশা নিকি মই?
নে সেই সপোনৰ ৰজা মই
যি সপোন কেতিয়াও পূৰ্ণ নহয়?
সেই ৰাজ্যৰ কোঁৱৰ নিকি মই
যি ৰাজ্য আজিও অস্তিত্ববিহীন?
নে সেই প্ৰেয়সীৰ প্ৰেমিক মই
যি প্ৰেয়সী আজিও বিৰাজমান নহয়।
সেই পথৰ পথভ্ৰষ্ট পথিক নেকি মই
যি পথৰ কোনো অন্তনাই।
নে সেই ভগা দাপোনৰ এটা টুকুৰা মই 
যি কাঁহানিও  যোৰা নালাগে।
সেই লুইতৰ পানী নিকি মই
যি উপৰি দেখাত শান্ত কিন্তু ভিতৰি খৰস্ৰোতা।
নাই নাই এই বোৰ কোনোটো নহয় মই।
মই সেই অধম কবি
যাৰ কোনো নিজা ঠিকনা নাই।
যাৰ কোনো নিজা পৰিচয় নাই।
✍🏻কিৰণ জয় চাউদাং।
ঠিকনা-নাহৰকটীয়া ঘিলাগুৰী গাওঁ।
ডিব্ৰুগড় (অসম)।
পিন নং-৭৮৬৬২১
ভ্ৰাম্যভাষ-৮০১১৪৩৫১২৮

Leave a Reply

Your email address will not be published. Required fields are marked *