0 00 1 min 3 yrs 217

কৃত্ৰিম বানপানীৰ কবলত ধিঙৰ সহস্ৰাধিক লোক ।অনিদ্ৰা অনাহাৰে জ্বালা-যান্ত্রণাত এইসকল গঞা ৰাইজ ।কভি’ড পৰিস্থিতিৰ সমস্যা মাৰ নাযাওঁতেই অন্য এক সমস্যাৰ সন্মুখীন হব লগীয়া হৈছে ধিঙৰ এখন গাঁৱৰ ৰাইজ । ৰাজ্যৰ এফালে গৰাখহনীয়া বানপানীত হাজাৰ হাজাৰ পৰিয়াল দিশহাৰা আনফালে কৃত্ৰিম বানপানীৰ কবলত দিকবিদিক হেৰুৱাই পেলাইছে ধিঙৰ এখন গাওঁৰ ৰাইজে । বিগত কিছুদিনৰ পৰা ধাৰাসাৰ বৃষ্টিপাটৰ ফলত ধিঙৰ গেৰকণী গাওঁ এতিয়া কৃত্ৰিম বানপানীৰ কবলত ।আজি প্ৰায় পোন্ধৰ বিশ দিন ধৰি এইসকল লোকে ভূগিব লগীয়া হৈছে জ্বালা-যান্ত্রণা ।ৰাস্তা পথবোৰ বন্ধ হৈ পৰাৰ লগতে ঘৰৰ ভিতৰে-বাহিৰে কৃত্ৰিম বানপানীত বুৰ গৈছে সকলো আচবাব । এই লোকসকলে পেটৰ ভাতমুঠিৰ কাৰণে এসাঁজ চিৰা আৰু আন এসাজ কোনোমতে চুবুৰীয়া ঘৰত ৰান্ধি খাবলগীয়া হৈছে ।ইতিমধ্যে যোৱাকালি দুটাকৈ কণমানি মৃত্যুৰ মুখতো পৰিব লগীয়া হৈছে ।আনফালে গৰ্ভৱাতী মহিলাইও এই দূৰ্গম পথেদি যাবলগীয়া হৈছে চিকিৎসালয়লৈ । মুঠৰ ওপৰত চাৰিওদিশত সমস্যা আৰু সমস্যা ।এনেদৰে পোন্ধৰ বিশ দিন অতিবাহিত কৰি অতিস্থ হৈ আৰু কেইদিন মান অতিবাহিত কৰিলে মৃত্যু মুখত পৰাও সম্ভাৱনা অধিক বুলি দুখেৰে প্ৰকাশ কৰে ভুক্তভূগি গাওঁ বাসীয়ে ।এই সমগ্ৰ পৰিস্থিতি বেছামাৰী গেৰকণীৰ জলাসয় সমূহ চলাচলৰ বাবে কালভাৰ্ট বন্ধ কৰি দিয়াৰ ফলতে এনে পৰিস্থিতি সন্মূখীন হব লগীয়া হৈছে বুলি গুৰুত্বৰ অভিযোগ উত্থাপন কৰিছে গাওঁবাসীয়ে ।নিসহায় গাওঁ বাসীয়ে এনে সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ স্থানীয় বিধায়ক আমিনুল ইছলামৰ লগতে অসম চৰকাৰক বিচাৰিছে সহায়ৰ হাত ।ধিঙৰ এই গঞা ৰাইজৰ প্ৰতি চৰকাৰে কেনেধৰণৰ ভূমিকা গ্ৰহণ কৰিব সেয়া পৰৱর্তী সময়ত হে বুজিব পৰা যাব ।

(ইছাম উদ্দিন )

Leave a Reply

Your email address will not be published. Required fields are marked *