0 00 5 yrs 207
এখনি বিশাল আকাশ।
অনুভৱ হয় কেতিয়াবা
আকাশৰ নীলাখিনি যেন
মোৰ হয়।
নীলাচল ৰ বুকুত ডুব যায়
পশ্চিমৰ হেঙুলীয়া বেলি।
বৈ যায় এছাটি শীতল পছোৱা।।
লুইতৰ পাৰত ৰৈ
পাতনি মেলিছো আকৌ মোৰ অনুভৱৰ পৃষ্ঠা।
উকা কাগজৰ পৃষ্ঠা বোৰত
অনুভৱৰ পৰশ সানিছো।।
অতীতৰ বিষাদ ক একাষৰীয়া কৰি, সন্ধানী মই নতুন শব্দৰ।
গভীৰ ৰাতি উজাগৰে থাকি
পাৰ কৰিছোঁ কত যে নিশা,
কথা হয় প্ৰায়ে জোনবাইৰ সৈতে।।
জীৱনৰ অৰ্থ বিচাৰি ,
ঘুৰি ফুৰিছো আজি,
পোৱা নাই ইয়াৰ সমিধান।
অনুভৱ বোৰ শব্দ হৈ আহে,
শব্দ বোৰে অভিমান কৰে।
বিচাৰোঁ মাথোঁ, এটুকুৰা ছাঁ,
শান্তিৰে শেষ নিশ্বাস ত্যাগৰ আশাত।।
     
                ✍কৃষ্ণাক্ষী✍
                      গোলাঘাট

Leave a Reply

Your email address will not be published. Required fields are marked *