0 00 1 min 9 mths 158

১) ক’ৰবালৈ গ’লে লগতে যায় উভতি চালে কোনোৱেই নাই ।

উত্তৰ:- ছাঁ ।

২) এঙা এঙা এঙা একেটা ডালতে পাচোঁটা টেঙা ।

উত্তৰঃ আঙুলি ।

৩) এজনী ক’লী গাই সাতখন পথাৰত ধান খায় ।

উত্তৰ:- কাঁচি ।

৪) বাঁহ খায়, কাঠ খায়,পানী পালে মৰি যায় ।

উত্তৰ:-জুই ।

৫) হাঁবিত কাহে ওলাই নাহে ।

উত্তৰ:-কুঠাৰ ।

৬) হাতীৰ দাঁত , কদমৰ পাত ভাঙিব নোৱাৰিলে গোলামৰ জাত ।

উত্তৰঃ মূলা

৭) চফা হ’লে ক’লা, লেতেৰা হ’লে বগা। এইটোনো কি চেপেটা বস্তু ল’ৰাহঁতক সুধা।

উত্তৰ:- চিলেট

৭) পেট আৰু মুখ আছে পেটু আৰু জিভা নাই সেইটোনো কি কোৱাচোন ভাই ।

উত্তৰঃ কলহ ।

Leave a Reply

Your email address will not be published. Required fields are marked *