0 00 1 min 4 yrs 213

তিয়া অসম তথা সমগ্ৰ ভাৰতত এটাই নাম শুনা যায় কেব আৰু কা ৷  “নাগৰিকত্ব (সংশোধনী) বিধেয়ক~২০১৯ অথবা Citizenship (Amendment) Bill~2019 খনকে চমুকৈ CAB (কেব) বোলা হয় ৷ অন্যহাতে এই কেবখন লোকসভা আৰু ৰাজ্য সভাত গৃহীত হৈ নাগৰিকত্ব (সংশোধনী) আইন~২০১৯ অৰ্থাৎ Citizenship (Amendment) Act~2019 হৈ পৰিল যাক কোৱা হয় চমুকৈ “কা” ৷ এই “কা” আইনৰ দ্বাৰা ভাৰতৰ সীমান্তৱৰ্তী দেশসমূহত হোৱা ধৰ্মীয় উৎপীড়নৰ ফলত সেই দেশৰ পৰা ভাৰতত প্ৰৱেশ কৰা হিন্দু, খ্ৰীষ্টান, জৈন, শিখ, পাৰ্চী আদি বিদেশী নাগৰিকসকলে ভাৰতীয় নাগৰিকত্ব লাভ কৰিব পাৰিব ৷ তাৰবাবে সেইসকল লোকৰ ২০১৪ চনৰ ৩১ ডিচেম্বৰত ভাৰতত থকা ৬ বছৰ কাল হ’ব লাগিব ৷ ইয়াৰ দ্বাৰাই ভাৰতৰ উত্তৰ পূৰ্বাঞ্চল তথা অসমত বৃহৎসংখ্যক অবৈধ বাংলাদেশীয়ে ভাৰতীয় নাগৰিকত্ব লাভ কৰাৰ আশা আছে ৷ যাৰ দ্বাৰা অসমীয়া ভাষা আৰু কৃষ্টি-সংস্কৃতিত বৃহৎ বিৰূপ প্ৰভাৱ পৰাৰ আশংকা কৰা হৈছে ৷ সেয়ে আজি অসমৰ প্ৰায়বোৰ জাতীয় সংগঠন তথা সাধাৰণ ৰাইজে প্ৰতিবাদ কৰি আছে ৷

এতিয়া কথা হ’ল ইতিমধ্যে কা বাতিলৰ দাবীত ভাৰতৰ উচ্চতম ন্যায়ালয়ত গোচৰ ৰুজু হৈ বিচাৰ প্ৰক্ৰিয়া চলি আছে  ৷ সমানে অসমত প্ৰতিবাদ আন্দোলন চলি আছে। আমাৰ এটাই আহ্বান চৰকাৰী আৰু আন্দোলনকাৰী পক্ষলৈ এই যে, আন্দোলন সম্পূৰ্ণ গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ মাজেৰে হওক আৰু শান্তিপূৰ্ণ আন্দোলনকাৰীৰ ওপৰত যাতে কোনো শাৰীৰিক অত্যাচাৰ নহয় ৷
কামনাৰে-
দীপ হেষ্টিংছ বৰি,
মুখ্য সম্পাদক, “জোনাক”

Leave a Reply

Your email address will not be published. Required fields are marked *