0 00 1 min 5 yrs 204
IMAGE FOR REPRESENTATION PURPOSE ONLY

মুম্বাই:
সোমবাৰে অশ্বিয়াৰা পুলিচে মিনাজুদ্দিন আলি(২৮) নামৰ ইভেন্ট মেনেজমেন্ট গ্ৰুপ এটাৰ মালিকক গ্ৰেপ্তাৰ কৰে ।   আলিয়ে এগৰাকী ৩৩ বছৰীয়া যুৱতী কৰিয়গ্ৰাফাৰক বিয়া কৰোৱাৰ  মিছা প্ৰলোভন দি শাৰীৰিক আৰু মানসিক ভাৱে নিৰ্যাতন চলাইছিল । যুৱতী গৰাকীয়ে কোৱা মতে ২০১৭ চনৰ এপ্ৰিলত ঠাণ্ডা পানীয়ৰ সৈতে নিচা জাতীয় বস্তু মিহলাই দিছিল আৰু উপৰ্যুপৰি যৌন সম্পৰ্ক স্থাপন কৰিছিল প্ৰথম বাৰৰ বাবে । তাৰ পাছতেই আলিয়ে বিয়া কৰোৱাৰ প্ৰলোভন দি নিয়মীয়াকৈ যৌন সম্পৰ্ক স্থাপন কৰিছিল ।
ইয়াৰ উপৰিও আলিয়ে বহু পৰিমাণে টকাৱো লৈছিল যুৱতী গৰাকীৰপৰা কিন্তু ঘূৰাই দিয়া নাছিল । উল্লেখযোগ্য যে ২০১৮ চনৰ ২৪ মে তাৰিখে যুৱতী গৰাকীয়ে এটি কন্যা সন্তানৰ জন্ম দিছিল ।

Leave a Reply

Your email address will not be published. Required fields are marked *