0 00 1 min 5 yrs 213
    অন্ত ভাগত পানী কমিছে যদিও সুচল অৱস্থালৈ অহা নাই কাজিৰঙৰা পৰিস্থিতি। এতিয়াও ওখ ভেটিত আশ্ৰয় লৈ আছে শ শ জীৱই। খাদ্য সংকণ্টত ভুগিছে উদ্যান খনৰ বন্য প্ৰানী। খাদ্যৰ সংকণ্টত কাজিৰঙাৰ বন্য জীৱ।বান বিধস্ত  কাজিৰঙাৰ পৰিৱেশ বৰ্তমানো অপৰিৱতিত হৈ আছে। বানৰ কবলত কিছু জীৱ উদ্যাবখনৰ পৰা কাৰ্বি পাহাৰলৈ ঢাপলি মেলিছিল যদিও অধিক সংখ্যক জীৱ আশ্ৰয়লৈছিল উদ্যান খনত নতুনকৈ নিৰ্মান কৰা ওখ ভেটি সমূহত। এতিয়াও  উদ্যান খনৰ প্ৰায় ৬০ শতাংশ অংশ পানীৰ তলত থকাৰ বাবে ওখ ভেটিত আশ্ৰয় লোৱা বন্য জীৱই খাবলৈ পোৱা নাই খাদ্য। উদ্যান কৰ্তৃপক্ষই ওখ ভেটি সমূহ নিৰ্মাণ কৰিছিল যদিও ভেটি সমূহত নাই সঠিক পৰিমানৰ ঘাঁহ। কাজিৰঙাৰ অন্ত ভাগত পৰিদৰ্শন কালত এনে পৰিৱেশ দেখিবলৈ পোৱা যায়।বুধবাৰে বন বিভাগে দিয়া তথ্য মতে —
পহুৰ মৃত্যু হৈছে মুঠ – ৩৭ টা
গাড়ীৰ খুন্দাত – ১২ টা
পানীত পৰি – ১৬ টা
অন্যান্য কাৰণত – ৯ টা
গঁড় – ৫ টা
পানীত পৰি – ৪ টা
অন্যান্য কাৰণত – ১ টা
হাতী – ১ টা
বনৰীয়া গাহৰি – ৪ টা
চলিত বানত বন্য জন্তু উদ্ধাৰ হৈছে – ৫৭ টা
ইয়াৰে চিকিৎসাৰ পাছত পহু মুকলি কৰি দিছে – ৩৪ টা
চিকিৎসাধীন অৱস্থাত পহুৰ মৃত্যু হৈছে – ৪ টা
বৰ্তমান বন্যপ্ৰাণী সংৰক্ষণ আৰু পুনৰ সংস্থাপন কেন্দ্ৰত
চিকিৎসাধীন হৈ আছে – ১০টা বন্য জন্তু ইয়াৰে পহু – ৮ টা  আৰুগঁড় পোৱালী – ২ টা
পপী শইকীয়া
বোকাখাত।

Leave a Reply

Your email address will not be published. Required fields are marked *