0 00 1 min 4 yrs 236
  ✍পৰিমিতা গোস্বামী 

       কৰিডৰত খোজৰ শব্দ শুনা গ’ল। খটক্ খটক্ চেণ্ডেলৰ শব্দ। নিজৰা ভিতৰৰ পৰা ওলাই আহিছে। হয়তো ভাত খাবৰ হ’ল।
       :: কোনে ফোন কৰিছিলনো ? নিজৰাই সোধিলে। 
       :: এ… কোন হ’ব আৰু ইহঁত দুটা জীউ আৰু জুৰণি।
       :: অ’ হয় নেকি? মই দেখোন আজি গমেই নাপালোঁ । 
       :: আজি সিহঁতৰ তোমাক দৰকাৰেই নহ’ল নহয় । বৰুৱাই সুবিধা পাই নিজৰাক অকণমান জোকাই ল’লে ।
       :: আজি সিহঁতৰ মোৰ লগতহে কথা বুজিছা ।সিহঁতৰ যি বুজনি ,আজি মোক চিন্তা নকৰিবলৈ এক প্ৰকাৰ নিৰ্ভয় দিছে বুজিছা ।
       :: এ …. হয় নেকি? আজি আৰু আপোনাক কোনে পায় ।
       :: এৰা, এৰা… তুমি ঠিকেই কৈছা। ভাত হ’ল যদি বাঢ়াগৈ ব’লা ।
       বৰুৱা বহাৰ পৰা উঠিল । “আহক” বুলি কৈ নিজৰা আগে আগে ভিতৰলৈ সোমাই গ’ল। পিছে পিছে বৰুৱা ।সোমাই যাওঁতে বৰুৱাই কৈ গ’ল।
       :: বুজিছা ল’ৰা-ছোৱালী দুটা আজি- কালিৰ আন ল’ৰা-ছোৱালীবোৰৰ দৰে উদ্ধত , চঞ্চল নহ’ল বুলিহে ৰক্ষা । আজি- কালিৰ ল’ৰা-ছোৱালীবোৰ  যিহে—।যিটো লাগ বুলিব লাগিবই । দে বুলিলে দিবই লাগিব। আমাৰ লগৰ শইকীয়া, বৰাহঁতে কয় নহয় বোলে ল’ৰা-ছোৱালীৰ ফৰমাইচ পূৰাওতে  পূৰাওতে তেওঁলোকে কৰো বুলি একো ভাবিবই নোৱাৰে। সিদিনা বুজিছা বাচত মানুহ এগৰাকী লগ  পালোঁ । মোৰ কাষৰ চিটতে বহি আহিছিল । তেওঁ প্ৰথমে মোক ক’ত যাব , ক’ৰ পৰা আহিলে ,কি কৰে , ল’ৰা- ছোৱালীয়ে কি , কিমান ডাঙৰ হ’ল? কি পঢ়িছে ? এইবোৰ সোধি আহিছে । মইও সোধা কথাবোৰৰ উত্তৰ দি আহিছোঁ । সৌজন্যতাৰ খাতিৰতে মইও তেওঁক ইটো-সিটো সোধি ল’ৰা-ছোৱালীৰ প্ৰসংগলৈ আহিলোঁ ।(আগলৈ)

Leave a Reply

Your email address will not be published. Required fields are marked *