0 00 1 min 3 yrs 214

বোপাইৰ দিনকাল কাল আছিল বেয়া ৷ চুৰি কৰিবলৈ আহি ৰাইজৰ হাতত আটক হল সোনামিয়া নামৰ এজন গভাইত চোৰ ৷এই চাঞ্চল্যকৰ ঘটনা বকো সমষ্টিৰ মালিবাৰীৰ ৷বুধবাৰে মালিবাৰী বজাৰত সংঘটিত হয় এই ঘটনা ৷ মালিবাৰীৰ সোনামিয়া নামৰ গভাইত চোৰজনে বজাৰৰ বাৰেক আলী নামৰ লোকজনৰ ঘৰত সংঘটিত কৰিছিল চুৰিকাণ্ড ৷ ঘৰৰ ভিতৰত প্ৰৱেশ কৰি চুৰি কৰে নগদ পঞ্চাশ হাজাৰ টকা লৈ যায় । ইয়াৰ পাছত চোৰজনক ৰাইজে হাতে-লোটে আটক কৰি বান্ধি আৱদ্ধ কৰি ৰাখে ঘৰৰ ভিতৰত ৷ মনকৰিবলগীয়া যে আটকাধীন এইজন গভাইত চোৰৰ বিৰুদ্ধে পুৰ্বে কৰা চুৰিকান্ডৰ অভিযোগো আছে ৷দীৰ্ঘদিনৰ পৰা অঞ্চলটোৰ বিভিন্ন স্থানত চুৰিকান্ড সংঘটিত কৰি এইজন চোৰে সৃষ্টি কৰিছিল সন্ত্ৰাসৰ ৷পিছত আটকাধীন চোৰজনক মন্দিৰা আৰক্ষী চকীৰ আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ কৰি থানালৈ যায় ৷চোৰৰ এই ঘটনাই অঞ্চলটোত সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ ৷

ইমনুল হাচান

Leave a Reply

Your email address will not be published. Required fields are marked *