0 00 1 min 4 yrs 184

  জানমণি কুটুম নামৰ ১২ বছৰীয়া কিশোৰী গৰাকীক 7লোকে মিলি ধৰ্ষণ কৰি হত্যা কৰিছে।সেই ধৰ্ষণকাৰী নৰপিশাচ মানুহবোৰৰ নাম হ’ল-অংকুশ পেগু, মিলনজ্যোতি দলে,বিকাশ পেগু ,অজিত পেগু, মোহিত দলে আৰু ভাস্কৰ মেধি ।ইতিমধ্যে জয়ন্ত পাতিৰি নামৰ লম্পট জনক ৰাইজে ধৰিবলৈ সক্ষম হৈছে ।এই ধৰ্ষণকাৰী জনক ইতিমধ্যে ৰাইজে উত্তম মাধ্যম সোধাইছে ।
সেইয়া কি দেখিছো ।দিনক দিনে কিয় মানুহবোৰ ইমান নিষ্ঠুৰ হব ধৰিছে ।প্ৰতিদিনেই শুনো এজনী নাৰীক ধৰ্ষণ কৰি হত্যা কৰি পেলাই থৈছে বুলি।ধৰ্ষণকাৰী বা হত্যাকাৰীবোৰ কিয় অকনো নাৰীৰ প্ৰতি মৰম দয়া নাথাকে ।এজন নাৰীক বা মানুহ এজনক হত্যা কৰাৰ আগতে তেওঁলোকৰ মনত অকনো বেয়া নালাগেনে ।ইমান নিষ্ঠুৰ মানুহবোৰক কিয় ভগৱানে এইখন পৃথিৱীত সৃষ্টি কৰিলে।তেওঁলোকৰ বাবেই আমাৰ বাইদেউ, ভন্টি, বান্ধবীসকল এখন সুন্দৰ পৃথিৱীত সুখেৰে থাকিব পৰা নাই।ধৰ্ষণকাৰী বা হত্যাকাৰী লোকৰ বাবেই তেওঁলোকে লগতে আমিও ঘৰৰ পৰা অকলে ওলাই যাবলৈ সাহস কৰিব পৰা নাই।তথাপিও আমি একো কৰিব পৰা নাই ?শেষত সমূহ মিছিং জাতীয় সংগঠনৰ লগতে অসমৰ সমূহ দল সংগঠন আৰু সমূহ মিছিং ৰাইজে ৰাজপথলৈ ওলাই আহি ধৰ্ষণকাৰী সকলক অতি শীঘ্ৰে পুলিচে কৰায়ত্ত কৰি ন্যায়ালয়ে ফাচিঁ দিবলৈ দাবী উত্থাপন কৰক।যাতে জানমণি আৰু তাৰ পৰিয়াল লগতে সকলো ৰাইজে ন্যায় পাব পাৰি।🙏🙏🙏😭😭
অলপ ৰ’ব :
এই চিষ্টেম আৰু কিমান দিনলৈ? ই মানুহক সকাহ দিব নোৱাৰে। নিজৰেই কোনো ঠিক নাই। প্ৰশাসনে কি কৰিব? যিখন দেশত এটা ধৰ্ষণৰ দৰে কাণ্ডক ৭ বছৰৰ পাছতো মৃত্যুদণ্ডৰে দণ্ডিত কৰিব নোৱাৰে, তাত জনসাধাৰণে চিঞৰি লাভ নাই। এনেধৰণৰ চিষ্টেম নালাগে। পাৰে যদি এতিয়াৰ পৰা নিজেই বিচাৰ কৰক। নিজেই শাস্তি দিয়ক। ফাঁচিৰ দিন কিমান উকলিল। কত যে দিন, বাৰ সলনি হ’ল। ক’তা কি হ’লনো? ভাৰতত Justice চিষ্টেম বুলিও যে কিবা এটা আছে আমি আজিলৈকে দেখাই নাই। চৰকাৰে ক’ত কিমান কি নিৰ্মাণ কৰিলে, ক’ত কিমান উন্নতি কৰিলে, ক’ত কিমান পৰিৱৰ্তন আনিলে তাৰ হিচাপ মোক নালাগে, পাৰে যদি কিমানজন নৰপিশাচক শাস্তি বিহিলে, কিমানজন ধৰ্ষণকাৰীক ফাঁচি দি উচিত শাস্তি দিলে তাৰ হিচাপ দিয়ক। কিমান পৰিয়ালে আপোনজনক হেৰুৱাৰ উচিত মূল্য পালে তাৰ হিচাপ দিয়ক।
এনেকৈ আৰু কিমান দিন কিমান জনে হাৰি যাব?? আগতে জনসাধাৰণৰ চৰিত্ৰ ঠিক কৰাৰ বাবে কিবা আইন প্ৰনয়ণ কৰক। তেতিয়া ক’ম দেশখনৰ যথেষ্ট উন্নতি হৈছে। তাৰ পাছত ক’ম সমাজখন, গাওঁখন উন্নতিৰ পথত। নিজৰেই চৰিত্ৰত দাগ আছে। নিজৰেই মনবোৰ লেতেৰা। ক’ত দেশখন চফা কৰিব পাৰিব হে।
কথাষাৰ সচাঁ, যিখন দেশত ধৰ্ষণকাৰীক বচোৱাৰ নিমিত্তে উকিল পোৱা যায়, সেইখন দেশত কেতিয়াও নাৰী সুৰক্ষিত নহয়। ৰাজনীতিবিদলৈ এটা সৰু অনুৰোধ। দেশখন শক্তিশালী, পৰিপাটী হোৱাৰ বিপৰিতেই হ’ল আমাৰ প্ৰশাসন ব্যৱস্থা। ইয়াক ইমান তললৈ যাবলৈ নিদিব।
জানমণি কুটুম ৰ সৈতে সংঘটিত এনে অমানৱীয় কাণ্ডক তীব্ৰভাৱে গৰিহণা দিছো। দোষীক উচিত শাস্তি বিহিবলৈ কাতৰ অনুৰোধ জনালো।
প্ৰশাসন, এইবাৰ অন্তত নিজৰ ক্ষমতাবোৰ প্ৰয়োগ কৰা। নিজৰ অস্তিত্ববোৰো ৰক্ষা কৰা।
Santush Changmai

Leave a Reply

Your email address will not be published. Required fields are marked *