0 00 3 yrs 231

গোলাঘাটত ক’ৰণাৰ তথ্য৷ পুণৰ ক’ভিডত মৃত্যু তিনিগৰাকীৰ

ৰাজ্যৰ আন আন প্ৰান্তৰ দৰে গোলাঘাটতো আজি পৰ্য্যন্ত অব্যহত আছে কৰ’ণাৰ
সন্ত্ৰাহ৷যদিও গোলাঘাটত ক্ৰমাৎ হ্ৰাস পাইছে ক’ৰণাৰ সংক্ৰমণ বুলি একাংশই মত পোষণ কৰে তথাপি আজিও যেন অব্যহত ইয়াৰ বিধ্বংসী যাত্ৰা৷
সাম্প্ৰতিক সময়লৈকে মূঠ টেষ্ট সম্পন্ন হয় ১৪৬৭৮৪ আৰু মূঠ আক্ৰান্ত চিনাক্ত হয় ৬৯৮৫ আৰু সক্ৰিয় ৰোগীৰ সংখ্যা ১৬৬৫ লগতে মূঠ মৃত্যু সংখ্যা ৭৪ আৰু এতিয়ালৈকে
দুটি কণ্টেইনমেন্ট জ’ন সক্ৰিয় আছে৷আৰু হোম আইচলেট কৰা হৈছে ৮৪৬ আৰু ২৬৮ গৰাকীক হস্পিতাল আৰু ৫৫২ আক্ৰান্তক গ চি চি লৈ প্ৰেৰণ কৰে৷ আনহাতে ,আজিৰ দিনটোত আক্ৰান্তৰ সংখ্যা ১৮৯ আৰু মৃত্যুৰ সংখ্যা ৩গৰাকী বুলি জানিব পৰা গৈছে৷ইয়াৰে গোলাঘাট কুমাৰপট্টিৰ জামাল আহমেদৰ ক’ভিডত মৃত্যু৷যোৱা ৩০মে’ত তেওক গোলাঘাট ক’ভিড চিকিৎসালয়ৰ পৰা যোৰহাট মেডিকেললৈ লৈ যোৱা হয় আৰু উক্ত স্থানতে তেখেতৰ মৃত্যু হয়৷মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৬০ বছৰ৷আনহাতে ,গোলাঘাটৰ দেৰগাঁৱৰ জেস্মিনাৰা বেগমৰ
যোৰহাট মেডিকেলত মৃত্যু হয়৷মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৪৪বছৰ ৷
ইয়াৰ উপৰিও গোলাঘাট নগৰৰ ৫নং ৱাৰ্ডৰ ৬৮বছৰীয়া ছামচুদ্দিন খানৰো গুৱাহাটী আৰ্য়াচন্দ হস্পিতালত মৃত্যু হয়৷যোৱা ৩০মেত তেখেতক গোলাঘাট নাৰ্চিং হোমৰ পৰা উক্ত হস্পিতেললৈ প্ৰেৰণ কৰা হৈছিল বুলি জিলা তথ্য আৰু জনসংযোগ বিষয়াই অৱগত কৰে৷

Leave a Reply

Your email address will not be published. Required fields are marked *