0 00 3 yrs 226
স্তব্ধ গোলাঘাটৰ যাতায়ত!
স্তব্ধ গোলাঘাটৰ বেচৰকাৰী বাচ আস্থান৷
যোৱা কালি অৰ্থাৎ ৬ এপ্ৰিল মঙ্গল বাৰে গোলাঘাট প্ৰশাসনৰ দ্বাৰা গোলাঘাট চুতীয়া ছাত্ৰ সন্থা আৰু গোলাঘাট লঘূ যানবাহন আস্থানত গোলাঘাট আৰক্ষী তথা পৌৰসভাৰ সহায়ত উচ্ছেদ অভিজান চলোৱা কাৰ্য্যত ক্ষুব্ধ হৈ গোলাঘাট চুতীয়া ছাত্ৰ সন্থা আৰু গোলাঘাট মটৰ শ্ৰমিক সন্থাই যুটীয়া ভাৱে 
গোলাঘাট পৌৰসভাৰ কাষতে অৱস্থিত মহাত্মা গান্ধী উদ্যানত গোলাঘাট প্ৰশাসনক তথা গোলাঘাট উপায়ুক্তক ক্ষুৰধাৰ সমালোচনাৰে অৱস্থান ধৰ্মঘট কাৰ্য্যসূচী ৰূপায়ণ কৰে৷
 অতি আক্ষেপেৰে কয় যে,কিছুদিন পূৰ্বে অনুষ্ঠিত হোৱা নিৰ্বাচনৰ সময়ত গোলাঘাট মটৰ শ্ৰমিক
 ইউনিয়নৰ সহায়তে গোলাঘাট প্ৰশাসনে নিৰ্বাচনী কাম কাজ সম্পন্ন কৰিছিল৷
কিন্তু অতি কৌশলেৰে সৈতে নিৰ্বাচনী কাম কাজ সিদ্ধি হোৱাৰ পিচতেই তেওলোকক অৱগত নকৰাকৈ গোলাঘাট প্ৰশাসনে তেওলোকৰ সৰু পঁজা সদৃশ আস্থান আৰু এটা জনগোষ্ঠীয় স্বাভীমান স্বৰুপ কাৰ্যালয়টিৰ হঠাৎ উচ্ছেদ অভিযান চলাই৷
গতিকে তেওলোকে প্ৰশাসনক আহ্বান জনাই যে তেওলোকৰ কাৰ্য্যালয় দুটি সাজি দিয়ে যেন৷

Leave a Reply

Your email address will not be published. Required fields are marked *