0 00 1 min 3 yrs 179

আজি গোলাঘাট জিলাত ক’ভিড-১৯ মহামাৰীৰ চিকিৎসা আৰু টিকাকৰণ সম্পৰ্কীয় এখন পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী হিমন্ত ডাঙৰীয়াই ।

বৈঠকত ঘৰে ঘৰে টিকাকৰণৰ বাবে বিষয়া নিয়োজিত কৰি সম্পূৰ্ণ টিকাকৰণ নিশ্চিত কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে । উপায়ুক্ত শ্ৰীমৃগেশ নাৰায়ণ বৰুৱা আৰু স্বাস্থ্য বিষয়াসকলক প্ৰতিদিনে কমেও ১০ হাজাৰ টিকাকৰণৰ লক্ষ্য নিৰ্ধাৰণ কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ।

ইয়াৰ লগতে জল জীৱন মিছনৰ পৰ্যালোচনা কৰি নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত এই মিছন ৰূপায়ণ কৰি চাহ বাগিচা অঞ্চল, অংগনৱাড়ী কেন্দ্ৰ আৰু প্ৰাথমিক বিদ্যালয়সমূহক বিশেষ গুৰুত্ব দিয়াৰ কথায়ো কয় ।

গোলাঘাট জিলাত নিৰ্মীয়মাণ বিভিন্ন পথৰ অগ্ৰগতিৰো বুজ লয় । লোক নিৰ্মাণ বিভাগক (পথ) দেৰগাঁও-গোলাঘাট পথছোৱা চাৰি লেনযুক্ত পথলৈ ৰূপান্তৰ কৰাৰ প্ৰকল্প আৰম্ভ কৰিবলৈও আজি নিৰ্দেশ প্ৰদান কৰে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ।

জিলা বিষয়াসকলক গোলাঘাটত অসম মালা প্ৰকল্পটো ক্ষিপ্ৰতাৰে সম্পূৰ্ণ কৰাৰ লগতে লোক নিৰ্মাণ বিভাগক (ভৱন) দেৰগাঁও আৰু সৰুপথাৰ সমষ্টিত ক্ৰীড়া প্ৰকল্প নিৰ্মাণৰ বাবে এক ৰূপৰেখা প্ৰস্তুত কৰিবলৈও নিৰ্দেশ প্ৰদান কৰে ।

সতী সাধনী ৰাজ্যিক বিশ্ববিদ্যালয় আৰু সংহত উপায়ুক্ত কাৰ্যালয়ৰ বাবে ঠাইসমূহ ক্ষিপ্ৰতাৰে নিৰ্ধাৰণ কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰে । আৰু প্ৰস্তাৱিত বিশ্ববিদ্যালয়খনৰ বাবে ৰঙাজানত এটুকুৰা মাটিও পৰিদৰ্শন কৰে ।

বৈঠকত মাননীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী শ্ৰীকেশৱ মহন্ত, মাননীয় বিত্তমন্ত্ৰী শ্ৰীমতী অজন্তা নেওগ, মাননীয় কৃষিমন্ত্ৰী শ্ৰীঅতুল বৰা, মাননীয় বিধায়কসকল ক্ৰমে শ্ৰীমৃণাল শইকীয়া, শ্ৰীবিশ্বজিৎ ফুকন, শ্ৰীভবেন ভৰালীৰ লগতে জিলা প্ৰশাসনৰ বিষয়ববীয়া আৰু আৰক্ষী বিষয়াসকলো উপস্থিত থাকে।

Leave a Reply

Your email address will not be published. Required fields are marked *