0 00 1 min 3 yrs 248


ৰাজ্যত ক’ৰণাৰ ভয়াবহতাৰ ফলত চৰকাৰে দিয়া যোৱাবছৰৰ লক্‌ডাউন আৰু এইবাৰৰ আংশিক লক্‌ডাউনত ভাৰাক্ৰান্ত, হতাশাগ্ৰস্ত আৰু আতংকীত হৈ পৰা দৃষ্টিগোচৰ হয় প্ৰতিমা নিৰ্মাতা শিল্পী সকল৷

সেইমৰ্মে গোলাঘাট নগৰৰ গোলাঘাট ফৰকাটিং ঘাইপথৰ আলুপট্টিৰ বিশ্বকৰ্মা পাল নামৰ প্ৰতিমা নিৰ্মাতা শিল্পীজনৰ দুৰৱস্থাৰ কথা জানিলে আপোনাৰো চকুৰ পৰা পানী নিগৰিব ৷ পাঁচ-ছয় জনীয়া পৰিয়ালটো কিদৰে প্ৰতিপাল কৰিব এনে আংশিক লক্‌ডাউনত৷যিহেতু যোৱাবাৰো তেখেতে জনোৱা মতে,পূজা ভালদৰে নহ’ল আৰু সেয়ে অৰ্ডাৰ নোপোৱাৰ ফলত যোৱাবাৰৰ মূৰ্তিসমূহো ৰৈ গ’ল লগতে ৰৈ গ’ল মূলধন আৰু এইবাৰো যদি একে দশা হয় কেনেদৰে পুহপাল দিব পৰিয়াল৷ সেয়ে জিলা প্ৰশাসন তথা চৰকাৰক কিদৰে অনুৰোধ জনাইছে শুনো আহক আমাৰ বিশেষ প্ৰতিবেদন৷

Leave a Reply

Your email address will not be published. Required fields are marked *