0 00 1 min 3 yrs 231

গোলাঘাট ফৰকৰটিংঅঞ্চলত জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ দ্বাৰা চেনিটাইজেচন তথা প্ৰশাসনক

গোলাঘাট জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি সত্যব্ৰত শইকীয়াৰ অাৰু ফৰকাটিংৰ উদিয়মান যুৱক শান্তুনু শইকীয়া , অভিজিৎ শইকীয়াৰ নেতৃত্বত ফৰকাটিং অঞ্চলৰ প্ৰায় ৬০ ব্যক্তিয়ে মিলি কেইবাটাও গুৰুত্ব পূৰ্ণ ৰাজহুৱা স্থান আলিবাট লগতে বহু গাঁৱৰ পৰিয়ালৰ ঘৰসমূহ চেনীটাইজাৰ কৰে।
উল্লেখযোগ্য যে তেওলোকে ক’ভিড পজিটিম হৈ কোৱাৰাইনটাইনত থকা কেইবাটাও পৰিয়ালৰ ঘৰৰ সকলো অংশতে চেনিটাইজাৰ কৰে ।
কোনো ধৰণৰ চৰকাৰী সাহাৰ্য্য নোহোৱাকৈয়ে যুৱক কেইজনে লোৱা এই পদক্ষেপক সকলো অঞ্চল বাসী ৰাইজে শলাগ লোৱা দেখিবলৈ পোৱা গৈছে ।
লগতে এই কৰুণা মহামাৰীৰ দ্ৰুত সংক্ৰমনৰ সময়ত চৰকাৰে প্ৰতিখন গাৱৰ অঞ্চল তথা চাহ বাগানৰ লাইন সমূহত ১০০ শতাংশ চেনিটাইজাৰ কৰাৰ দাবী উথাপন কৰে ছাত্ৰ মুক্তি গোলাঘাট জিলা সভাপতি সত্যব্ৰত শইকীয়াই ।
ব্যুৰ’ ৰিপৰ্ট

Leave a Reply

Your email address will not be published. Required fields are marked *