সামাজিক মাধ্যম হিচাপে শিক্ষাক মানি চলা হয় । সমাজ আৰু শিক্ষা ইটো-সিটোৰ লগত ওতঃপ্ৰোত ভাৱে জড়িত । ভৱিষ্যত উওৰাধিকাৰী সকলক শিক্ষিত কৰিবলৈ সমাজে বিদ্যালয় স্থাপন কৰে। এখন সমাজৰ নীতি নিয়ম , ভাৱ আদশ , সংস্কৃতি আদি এচাম পুৰুষ পৰা আন এচাম পুৰুষলৈ প্ৰদান কৰিবলৈ আনুষ্ঠানিক শিক্ষা অতি কৈ প্ৰয়োজনীয় । মানুহে আনুষ্ঠানিক শিক্ষাৰে শিক্ষিত হৈ সমাজৰ বিকাশৰ বাবে অশেষ চেষ্টা চলায়। সময়ৰ পৰিৱৰ্তন লগে লগে সমাজৰ ধাৰনা , প্ৰয়োজনীয় দিশ, কাৰিকৰী কলা-কৌশল ইত্যাদি উন্নয়নৰ ফলত উদ্ভৱ হোৱা অভূতপূৰ্ব পৰিৱৰ্তনৰ দিশলৈ নজৰ ৰাখি শিক্ষানুষ্ঠানত প্ৰদান কৰা শিক্ষা পাঠসূচী সময়ৰ লগত মিলাই বিধান প্ৰদান কৰিবলৈ চেষ্টা কৰা হয়। ইয়াৰ এক গতি শীল ধাৰনা হোৱা বাবে সমাজৰ চলি থকা শিক্ষা ধাৰাক গতি শীল হোৱাটো প্ৰয়োজনীয় । শিক্ষাৰ জৰিয়তে শিশু সকলক সামাজিক মানুহ হিচাপে গঢ় দি তুলিবলৈ চেষ্টা কৰা হয়। প্ৰচলিত শিক্ষা ই সমাজ ৰ সংস্কৃতি, সামাজিক চিন্তা ধাৰা ,ভাষা ইত্যাদি ৰ লগত শিশু সকলক চিনাকি কৰা ই দিয়ে। যাৰ জৰিয়তে এই প্ৰাচীন ৰীতি ,বিশ্বাস, পৰম্পৰা, মানদণ্ড আদি গ্ৰহণযোগ কৰি ভৱিষ্যতে এখন সুস্থ সবল সমাজ গঢ় দি তুলিব পৰা য়ায়। ছাত্র-ছাত্তী সকলৰ আচৰণ সংশোধন কৰি মানৱ মন সু-চিন্তা আৰু বিজ্ঞান সন্মত কৰাৰ উপৰ বিকাশশীল কৰিবলৈ চেষ্টা কৰিবলৈ চেষ্টা কৰিব লাগে। ইয়াৰ দ্বাৰা মানুহ সকলে উদেশ্য প্ৰণোদিত ভাৱে নিজৰ আদশ সুচাৰুপে পতিপন্ন কৰি ব পাৰে । গতিকে আমি ক’ব পাৰে যে শিক্ষা ই সমাজ জীৱনৰ পৰিৱৰ্তন মূল চাবিকাঠী ৰুপে কাম কৰিব পাৰে।