0 00 6 yrs 200

দুখন ছবি

সৰুতে এখন ছবি আঁকিছিলো
এটি ঘৰ,দূৰৈত এখন পাহাৰ ,
কাষেৰে বৈ গৈছিল এখনি নৈ;
তাতে বেঁকা ৰেখাৰে ,
চকুৰে মনিব পৰাকৈ আঁকিছিলো,
উৰি যোৱা দুটি চৰাই ……………।
এতিয়া ডাঙৰ হৈ
আন এখন ছবি আঁকিছো
এটি ঘৰ,এখন আকাশ ,
এটি জোন ,অগণন তৰা ,
জোনালী পোহৰৰ মাজে মাজে
উৰি ফুৰিছো তুমি আৰু মই……….
এই ছবিখন আঁকিছো
মৰম আঁকলোৱা মোৰ বুকুৰ মাজত

Leave a Reply

Your email address will not be published. Required fields are marked *