0 00 1 min 5 yrs 205

মানুহৰ তেজেৰে ফাকু খেলা
হেৰৌ নৰাধমহত
তহতে হৃদয়হীনভাবে
পৃথিৱীখন ছানি ধৰি
জীয়াই আছ কিয় ?

পৃথিৱীত তহতৰ কোনো কামেই নাই
আবৰ্জনা হৈ কিয়
পবিত্ৰ ধৰাখন তহতে লেতেৰা কৰিছ?
তহতক লৈ ধিক্কাৰ !
নি:শেষ তহতৰ অৱশ্যম্ভাবি ;

চহৰৰ আবৰ্জনাৰ দমত সোমাই
তহতবোৰ পুৰি চাই নোহোৱা কিয়?
কিয় তহতে ভীৰুৰ দৰে লুকাই থাকি
বৰ্বৰ জীৱন যাপন কৰিছ?
নিলাজ তহতৰ লাজেই নাই;

নৰমাংস ভোজী তহত
তহত পশুতকৈও অধম
প্ৰকৃত পশুৱে কেতিয়াও
নিজৰ মাংস ভোজন নকৰে
সিহতৰো আছে একোটা সত্বা ;

তহতক কি বুলি আখ্যা দিম ?
মানুহ পশু নে কি ?
অজ্ঞানী কাপুৰুষ তহত
তহতবোৰ নি:শেষ হৈ যোৱা
মই অভিশাপ দিও;

আহা মই ওলমাই থৈছো
তহতৰ বাবে এলানি ছিপজৰী
এজন এজনকৈ আহা
নিজে নিজে ওলমি লৈ
জীৱন সাম্ফল কৰিব পাৰিবা
অহা!! ধন্যবাদৰ পাত্ৰ হবা !!

১৬-০২-২০১৯
গুৱাহাটী ।

Leave a Reply

Your email address will not be published. Required fields are marked *