0 00 1 min 3 yrs 234
ছাত্ৰ-ছাত্ৰীৰ ইউনিফৰ্মৰ নামত সংঘটিত কৰা অনিয়ম আৰু দুৰ্নীতিৰ বিৰুদ্ধে মংগলবাৰে  সৰব হৈ পৰে বৰপেটা জিলাৰ ৰৌমাৰী গাঁওৰ ৰাইজ। চেঙা প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত  ১২০ নম্বৰ ৰৌমাৰী গাঁও প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ বাবে যোগান ধৰা হৈছে অতি নিম্নমানৰ ইউনিফৰ্ম। ইউনিফৰ্মৰ বিসংগতি দেখি সচেতন ৰাইজ উত্তেজিত হৈ পৰে। অধিকাংশ ছাত্ৰ-ছাত্ৰীৰ শৰীৰত ফিটিং হোৱা নাই এই ইউনিফৰ্ম।ৰচিৰে বান্ধি ল’ব লগীয়া হৈছে পেন্ট । এম/এছ স্মাৰ্ট এন্টাৰপ্ৰাইজ নামৰ  সংস্থা এটাই লাভ কৰিছিল বিদ্যালয়খনৰ ইউনিফৰ্মৰ নিবিদা। এম/ এছ  স্মাৰ্ট এন্টাৰপ্ৰাইজ, বিদ্যালয়ৰ প্ৰধান শিক্ষক আৰু পৰিচালনা সমিতিৰ বিষয়ববীয়াৰ ওপৰত ক্ষোভিত হৈ পৰে ৰাইজ। কমিচনৰ অংকত এম/এছ স্মাৰ্ট এন্টাৰপ্ৰাইজ সংস্থাটোৱে অতি নিম্নমানৰ  আৰু বিসংগতিপূৰ্ণ ইউনিফৰ্ম  যোগান ধৰা বুলি অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে। এই সন্দৰ্ভত উচিত তদন্ত কৰি বিভাগীয় কৰ্তৃপক্ষক বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে স্থানীয় ৰাইজে।
বাইট: স্থানীয় লোক।
মুকালমুৱাৰ পৰা সমৰজিত পাঠক

Leave a Reply

Your email address will not be published. Required fields are marked *