0 00 1 min 2 yrs 170

মুকালমুৱাত ৰাইজে খেদি-খেদি কৰায়ত্ব কৰিলে ছাগলী চোৰক ৷নলবাৰীৰ মুকালমুৱা আৰক্ষী থানাৰ অন্তৰ্গত বৰতলাত আজি এটা ছাগলী চোৰক ৰাইজে খেদি-খেদি কৰায়ত্ব কৰে ৷ ধৃত ছাগলী চোৰটো মুকালমুৱা চৰাঞ্চলৰ বিল্লাল আলী বুলি জানিব পৰা গৈছে ৷ ধৃত চোৰটোৱে বৰতলা চৰাঞ্চলৰ পৰা ছাগলী এটা চুৰি কৰি নি থাঁকোতে গৰাকীয়ে প্ৰত্যক্ষ কৰে ঘটনা ৷ গৰাকীয়ে চোৰ চোৰ বুলি চিঞৰি পিছে পিছে চোৰটোক খেদি অহাত চোৰে ছাগলী এৰি পলায়নৰ চেষ্টা চলায় যদিও ৰাইজে খেদি খেদি কৰায়ত্ব কৰে ছাগলী চোৰটোক ৷ পৰবৰ্তী সময়ত চোৰটোক বৰতলা গাঁৱৰ ৰাজহুৱা মঞ্চ এখনত বান্ধি থৈ মুকালমুৱা আৰক্ষীক খবৰ দিয়ে ৷আৰক্ষী উপস্থিত হৈ চোৰটোক থানালৈ লৈ যায় ৷(সমৰজিত )

Leave a Reply

Your email address will not be published. Required fields are marked *