0 00 1 min 4 yrs 228

ছাঁ আৰু ৰ’দৰ 

         খেল চলি থাকে।
দুপৰীয়া দুয়ো ৰহস্যময় হৈ পৰে।
ৰ’দেও অলপ ছাঁ বিচাৰে,
 ছাঁটোয়েও ৰ’দতহে
             মূৰ দাঙি উঠে।
তাৰ মাজতেই আকৌ
          কৰেনো এটুকুৰা
 কলীয়া ডাৱৰে
   হেঙাৰ হৈ থিয় দিয়ে..
অনিচ্ছা সত্বেও
        আনবোৰৰ দৰেই
 বিদায় লয় 
        ৰ’দ আৰু ছাঁই।
         
         অংকিতা বুজৰ বৰুৱা

Leave a Reply

Your email address will not be published. Required fields are marked *