0 00 1 min 4 yrs 225
জনপ্ৰিয় অভিনেত্ৰী বৰষা ৰাণী বিষয়াক চচিয়েল মিডিয়াত এচাম লোকে তীব্ৰ সমালোচনা কৰি থকা দেখা গৈছে । তাকে লৈ সংগীত শিল্পী মানস ৰবীনৰ মন্তব্য –
“নাৰীক যেতিয়া যিকোনো  সামাজিক ইচ্চ্যুত  যুক্তিৰে বা কাৰ্য্যক্ষেত্ৰত বিৰোধিতা কৰিবলৈ অসৰ্মথ হয় ,  তেতিয়া এচামে নাৰীৰ ব্যক্তিগত জীৱনটোক ৰাজহুৱা স্থানলৈ টানি আনে আৰু এই চামটোৰ  ভিতৰত নাৰী , পুৰুষ উভয়ে থাকে। CAAৰ সন্দৰ্ভত  বৰষাৰাণী বিষয়াক যুক্তিৰে নোৱাৰি এচাম এতিয়া বৰষাৰ ব্যক্তিগত জীৱনটোক লৈ ব্যস্ত হৈ পৰিছে।  বৰষাই কি খায় , কি পিন্ধে , কেতিয়া শুৱে , কেতিয়া উঠে ইত্যাদি,  ইত্যাদি । প্ৰকৃততে এইধৰণৰ কামত লিপ্ত থকাসকল একো একোটা  “কলী ঔচ” , “বগী ঔচ”ৰ বাদে আন একো নহয় | এই প্ৰভুভক্তবোৰৰ কাৰ্যকলাপক গুৰুত্ব নিদি ৰাইজে নিজৰ বাটেৰে বাট বুলি লক্ষ্যত উপনীত হোৱাতহে গুৰুত্ব দিব লাগে  |”

Leave a Reply

Your email address will not be published. Required fields are marked *